চাপৰ আৰক্ষীৰ মূৰৰ কামোৰণি কুখ্যাত ডকাইট তথা ধৰ্ষণকাৰীলৈ গুলি চালনা

আৰক্ষীৰ ম'ষ্ট ৱাণ্টেড্‌ আছিল কুখ্যাত ডকাইট সহিদুল ইছলাম ওৰফে কালা সহিদুল

IMG 20210626 170400

শনিবাৰে চাপৰৰ হাতীপোতা শ্ৰীগ্ৰাম ষষ্ঠ খণ্ড গাঁৱৰ আব্দুল ওহাব আৰু আব্দুল ৰহিম নামৰ দুই ভাই ককাইৰ ঘৰত ডকাইটি ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড সহিদুল ইছলাম বিগত দিনে পলাতক হৈ আছিল । যোৱা পাঁচ দিনধৰি আৰক্ষীয়ে অভিযান চলাই অসম মেঘালয় সীমান্তৰ পৰা চাপৰ হাতীপোতাৰ ডকাইটি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ডজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।

হাতীপোতাত সহিদুলে ডকাইটি কৰা সামগ্ৰীসমূহ দেখুওৱাই দিয়া স্থানত যোৱাৰ পাছতে সহিদুলে শৌচালয়ত যাব বুলি কোৱাত আৰক্ষীয়ে এখন হাতৰ হেণ্ড কাফ খুলি এজন কনিষ্টবলসহ কে’বাজনো আৰক্ষীৰ লগত পঠাই দি শৌচালয়ত যাব দিয়ে ।

সেই সময়তেই সুযোগ বুজি ধৃত ডকাইতজনে হেণ্ডকাফৰে কনিষ্টিবলজনক প্ৰহাৰ কৰি পলায়ন কৰিবলৈ চেষ্টা কৰাত উপায়হীন হৈ আৰক্ষীয়ে সহিদুলৰ সোঁ ভৰিলৈ প্ৰথমে এজাই গুলি নিক্ষেপ কৰে যদিও আঘাতপ্ৰাপ্ত ডকাইটজনে পুনৰ পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে পুনৰ এজাই গুলি নিক্ষেপ কৰিছিল ।

কুখ্যাত সহিদুল কেৱল ডকাইতিয়ে নহয় ধৰ্ষণ, ব্লেক মেইলিং, অপহৰণ, হত্যা আদিৰ দৰে জঘন্য কাণ্ডৰ স’তেও জড়িত হৈ আছিল ।

Exit mobile version