চিৰাঙৰ বিজনীত আৰক্ষীৰ অভিযান হিৰ’ইনসহ আটক ড্ৰাগছ ব্যৱসায়ী

আন্তৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ দিনাই বিজনীত বৃহৎ পৰিমাণৰ হিৰ’ইনসহ আটক ড্ৰাগছ ব্যৱসায়ী। চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত আৰু বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায় আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক কুমাৰ বৰাৰ সহযোগত আটক ড্ৰাগছ ব্যৱসায়ী আব্দুল হাই।

ADVERTISEMENT

আটকাধীন ব্যক্তিজনৰ পৰা উদ্ধাৰ ১১৬ গ্ৰাম হিৰ’ইন। উল্লেখ্য যে প্ৰায় পাঁচ মাহ পূৰ্বে ড্ৰাগছ সহ আব্দুল হাই আটক হৈছিল কাৰ্বি আংলঙত আৰু মাত্ৰ ২৪ দিন পূৰ্বে জামিনত মুকলি হৈ পুনৰ ড্ৰাগছ ব্যৱসায়ীত পুনৰ জড়িত হয় আব্দুল।

আজি পুনৰ হিৰ’ইনসহ আটক আব্দুল হাই। তথ্য অনুসৰি বিজনী কাউয়াটিকাতৰ বাসিন্দা আব্দুল হাইৰ। এক গোপন তথ্যৰ ভিত্তিত আব্দুল হাইৰ কাৱাটিকাস্থিত নিজ ঘৰৰ পৰা হিৰ’ইনসহ আটক কৰে আৰক্ষীয়ে।

Exit mobile version