একেখন পর্দাতে মুখামুখি হ’ব সুশান্তৰ দুই প্রাক্তন প্রেয়সী

77791474

ৰিয়া চক্ৰৱৰ্তী আৰু অংকিতা লােখাণ্ডে। কোনােদিনেই তেওঁলােকৰ মাজত আলাপ হােৱা নাই। অথচ দুয়ােগৰাকী অভিনেত্রীৰ যুগসূত্র এজনেই। তেওঁ হৈছে বলিউদৰ প্রয়াত তাৰকা সুশান্ত সিং ৰাজপুত।

ADVERTISEMENT

২০১০ৰ পৰা ২০১৬ পর্যন্ত অংকিতাৰ প্রেমিক আছিল সুশান্ত।সেই সময়ত দুয়াে এখন বিখ্যাত ধাৰাবাহিকৰ জৰিয়তে জনপ্রিয়তা অর্জন কৰিছিল। সুশান্তই ধাৰাবাহিক এৰি বলিউদৰ ছবিত ব্যস্ত হােৱাৰ পাছত দুয়ােৰে সম্পর্কৰাে ইতি পৰে।

ইয়াৰ পাছত জীৱনৰ অন্তিম সময়লৈকে সুশান্তৰ কাষত আছিল ৰিয়া। সুশান্তৰ আত্মহত্যাৰ পাছত দুয়ােৰে জীৱনক লৈ অনেক চর্চা হৈছে। সুশান্তৰ মৃত্যুৰ বাবে দায়ী কৰা হৈছিল ৰিয়াক।

যাৰ বাবে মাদক যােগ থকাৰ অভিযােগত তেওঁ গ্রেপ্তাৰাে হৈছিল। আনহাতে, অভিনেতাজনৰ মৃত্যুৰ সুযােগত নিজৰ লাভ বিচৰা বুলি অংকিতাৰ বিৰুদ্ধে অভিযােগ উঠিছিল। এই দুয়ােগৰাকী অভিনেত্রীয়েই সেই সময়ত সামাজিক মাধ্যমত বহু
লােকৰ আক্ৰমণৰ সন্মুখীন হৈছিল।

এইবাৰ অংকিতা আৰু ৰিয়াই একেলগে মুখামুখি হ’ব পর্দাত। অহা অক্টোবৰৰ পৰা ‘বিগ বছ- ১৫’ আৰম্ভ হ’ব। প্রতিযােগীৰ তালিকাত কিছুদিনৰ আগৰ পৰাই ৰিয়াৰ নাম চর্চা হৈছিল। অৱশ্যে ৰিয়াই এই প্রস্তাৱত সন্মত হৈছে নে নাই এয়া এতিয়াও অজ্ঞাত।

সম্প্রতি সামাজিক মাধ্যমত বিগ বছৰ যিখন নতুন প্রতিযােগীৰ তালিকা প্ৰচাৰক হৈ আছে তাত অংকিতাৰ নামাে দেখা গৈছে। জনপ্রিয় অভিনেতা সুশান্তৰ দুই প্রাক্তন প্রেয়সীক একেলগে দেখাৰ সুযােগ সৃষ্টি হােৱাৰ বাবেই আগন্তুক বিগ বছক কেন্দ্ৰ কৰি অনুৰাগীৰ মাজত ইতিমধ্যেই চর্চা আৰম্ভ হৈছে।

Exit mobile version