কলগাছিয়াৰ ক্ষুদ্ৰখোৱাত ভয়ংকৰ গৰাখহনীয়া, সৃষ্টি হৈছে তীব্ৰ খাদ্য-অৰ্থনৈতিক সংকটৰ

WhatsApp Image 2021 06 28 at 2.22.35 PM 1

অতিমাৰী কৰ’নাৰ আতংকৰ মাজতে ভুতৰ ওপৰত দানৱ পৰাদি কলগাছিয়া ৰাজহ চক্ৰৰ ক্ষুদ্ৰখোৱা, ইছবপুৰ, মানিকপুৰ আদি গাঁৱত আই আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে । নৈ-পৰীয়া লোকৰ ঘৰ, মাটি-সম্পত্তি উছন কৰি পথৰ ভিক্ষাৰীত পৰিণত কৰিছে ।

বিগত কেইদিনমানৰ ভিতৰতে গৰাখহনীয়াই উক্ত গাঁওকেইখনৰ প্ৰায় ৪৫ টা পৰিয়ালৰ ঘৰ-মাটি-ভেটি, বিঘাই-বিঘাই ধান, মৰাপাটৰ খেতি উছন কৰাৰ লগতে আন শতাধিক পৰিয়াললৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে । অনতিপলমে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ নকৰিলে কে’বাখনো ৰাজহ গাঁৱৰ লগতে আন কে’বাশতাধিক পৰিয়ালে মাটি-ভেটি হেৰাই পথৰ ভিক্ষাৰীত পৰিণত হ’ব ।

শিক্ষানুষ্ঠান, মন্দিৰ, মছজিদ, গাঁও পঞ্চায়ত কাৰ্যালয়কে ধৰি অনুষ্ঠান-প্ৰতিষ্ঠানৰ চিন-চাপ নোহোৱা হৈ যোৱাৰ উপক্ৰম হৈছে। সেয়ে নতুন চৰকাৰ, বৰপেটা জিলা প্ৰশাসন আৰু স্থানীয় সাংসদ-বিধায়কক অতি শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে ।

ইপিনে অতিমাৰী কৰ’নাৰ ভয়াবহতাৰ কাৰণে চলি থকা মিনি লকডাউন আৰু নদীৰ তীব্ৰ গৰাখহনীয়াৰ ফলত নৈ-পৰীয়া ৰাইজক খাদ্য আৰু অৰ্থনৈতিক সংকটত পৰা দেখা গৈছে । গৰাখহনীয়াগ্ৰস্ত ৰাইজক খাদ্য আৰু আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ সচেতন মহলে চৰকাৰলৈ আহ্বান জনাইছে ।

Exit mobile version