ক’লা চাউলৰ স্বাস্থ্যজনিত উপকাৰিতা

ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী ক'লা চাউল

shutterstock 1022652382

ক’লা চাউলত থকা প্রচুৰ পৰিমানণৰ ফাইবাৰ আৰু এন্টিঅক্সিডেন্টৰ বাবে তেজলৈ চুগাৰৰ শোষন কমকৈ হয়৷ সেয়েহে টাইপ দুই ডায়েবেটিছ ৰোগত ই অতি উপকাৰী৷ অৱশ্যে ডায়েবেটিছ ৰোগীৰ বাবে ই ঔষধৰ বিকল্প বুলি ভাবিলে ভুল হব৷ এই চাউলৰ গ্লাইচেমিক ইনডেক্স কম৷ অৰ্থাৎ খাদ্য হিচাবে ইয়াৰ তেজত চুগাৰৰ ওপৰত অপকাৰী প্ৰভাৱ কমকৈ পৰে৷ তদুপৰি ক’লা চাউলত কাৰ্বোহাইড্ৰেট কম আৰু ফাইবাৰ বেচিকৈ থাকে৷ ক’লা চাউল হজম হবলৈ বেচি সময় লাগে৷ এইবিলাক কাৰণত ডায়েবেটিছ ৰোগীয়ে অন্য চাউলৰ পৰিৱর্তে এই চাউল গ্রহণ কৰিব লাগে৷

★ হৃদৰোগ পৰা সুৰক্ষা

ক’লা চাউল সঠিক পৰিমানত গ্রহণ কৰিলে ক’লেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড আৰু এল.ডি.এল ক’লেষ্টেৰল হ্রাস কৰে ৷ তেজৰ নলীত চৰ্বিৰ প্ৰলেপ হবলৈ নিদিয়ে৷ ক’লা চাউলত থকা প’টেচিয়ামে ৰক্তচাপ আৰু হৃদযন্ত্রৰ চাপ নিয়ন্ত্ৰণত ৰাখে ৷

★ লিভাৰ সুস্থ ৰাখে

এন্টিঅক্সিডেন্টে লিভাৰক সুৰক্ষা দিয়ে ফলত ফেটি লিভাৰৰ উপশম ঘটে৷

★ দেহত চর্বি কমায়

যিসকল লোক মেদবহুলতাৰ চিকাৰ আৰু ওজন বঢ়াৰ ভয়ত ভাত নোখোৱাকৈ থাকে, তেনে লোকসকলে নিৰ্ভয়ে ক’লা চাউল খাব পাৰে৷ ফাইবাৰৰ উপস্থিতিয়ে ওজন কমায় আৰু সোনকালে ভোকো নলগায় ৷ক’লা চাউলৰ ১০০গ্ৰাম ভাতত কেলৰি থাকে মাত্ৰ ৩০০ ৷ তদুপৰি দিনটোত এবাৰ ভাত খালেই দিনটো নাখালেও চলি যায়৷ এনে কাৰণত তেজৰ অপকাৰী ক’লেষ্টৰলৰ লগতে শৰীৰৰ ওজনো কমে৷

★ পাকস্থলীৰ অসুখ নিৰাময় কৰে

শৌচ নিয়মীয়া কৰে৷ ওকালি, বদহজম, ডায়েৰিয়া, ইৰিটেবল বাৱেল চিনড্ৰম আদি পেটৰ অসুখ ভাল কৰে ৷

★ কৰ্কট ৰোগৰ পৰা সুৰক্ষা

ক’লা চাউলৰ লাগতিয়াল তত্ব সমূহে শৰীৰৰ প্রতিৰোধ ক্ষমতা বঢ়ায়৷ শৰীৰৰ পৰম অহিতকাৰী ফ্ৰি-ৰেডিকেলচ্ৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু শৰীৰক কেন্সাৰ ৰোগৰ পৰা সুৰক্ষা দিয়ে ৷

★ তেজ বিশুদ্ধীকৰণ

এন্টিঅক্সিডেন্টে লিভাৰ আৰু কিডনিৰ কাম সুচলে হোৱাত সহায় কৰি শৰীৰৰ তেজ বিশুদ্ধ থকাত সহায় কৰে ৷

Exit mobile version