পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰ ঠাকুৰবাৰিত স্থাপিত শিল উদ্যোগৰ প্ৰদূষণক লৈ অতিষ্ঠ ৰাইজ

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি আৰক্ষী থানা অন্তৰ্গত হাৱাইপুৰ ঠাকুৰবাৰিত স্থাপন কৰা শিল উদ্যোগৰ প্ৰদূষণক লৈ অতিষ্ঠ হাৱাইপুৰবাসী ৰাইজ।

ADVERTISEMENT

অঞ্চলবাসীৰ অভিযোগ উদ্যোগটোৰ পৰা নিতৌ সৃষ্টি হোৱা ধোঁৱা আৰু ধূলিয়ে অঞ্চলটোক প্ৰদূষিত কৰি তুলিছে আৰু জলবায়ু বিনষ্ট কৰিব ধৰিছে।

পৰিপ্ৰেক্ষিতত শিল উদ্যোগটোৰ স্বত্বাধিকাৰী এন.এন. কনষ্ট্ৰাকশ্ব্যনক অঞ্চলটোৰ ৰাইজে বিষয়টোৰ সন্দৰ্ভত বাৰম্বাৰ ব্যৱস্থা গ্ৰহণৰ আবেদন জনায় আহিছে। কিন্তু এই ক্ষেত্ৰত স্বত্বাধিকাৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শেহতীয়াকৈ অঞ্চলটোৰ ৰাইজ সৰৱ হৈ প্ৰদূষণমুক্ত কৰাৰ দাবী তুলি অঞ্চলটোৰ ছাত্ৰ সংগঠন আৰু সচেতন ৰাইজে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্য যে গাঁওখনৰ মাজত স্থাপন কৰা শিল উদ্যোগটোৰ শব্দ, ধোঁৱা আৰু ধূলিৰ প্ৰদুষণে অঞ্চলটোৰ কণ-কণ শিশু , ছাত্ৰ-ছাত্ৰীৰ শ্বাস-প্ৰশ্বাসৰ লগতে মানৱ জীৱনত এক ভাবুকি অনাৰ উপৰিও খোৱা পানী আৰু খেতি পথাৰ আদিও বিনষ্ট কৰিছে বুলি প্ৰকাশ কৰে ৰাইজে।

Exit mobile version