মহাজোঁটত থাকিলে বিপিএফ ত্যাগৰ ভাবুকি

প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী হঠাৎ সৰৱ হৈ উঠাৰ আঁৰত কি ?

maxresdefault 1

সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ পাছত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ পৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ আঁতৰি থকা বুলি চৰ্চা চলিছে । বিভিন্ন মাধ্যমত হোৱা চৰ্চা অনুসৰি শেহতীয়াভাৱে বিজেপিৰ কাষ চাপিছে বড়োভূমিৰ আঞ্চলিক ৰাজনৈতিক দল বিপিএফ ।

ইপিনে, বিগত বিধানসভা নিৰ্বাচনত মহাজোঁটত থকা বাবেই বিপিএফে ভাল ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰিলে বুলি মন্তব্য কৰে দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীয়ে । ২০ বছৰ ধৰি ওদালগুৰি সমষ্টি নিজৰ দখলত ৰখা দৈমাৰীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ।

সাংবাদিকৰ স’তে হোৱা এক বাৰ্তালাপত দৈমাৰীয়ে কয়, ‘বিগত নিৰ্বাচনৰ পূৰ্বে বিপিএফৰ এখন ক’ৰ সমিতি গঠন কৰি দিয়া হৈছিল । সেই সমিতিৰ ম‌ই সদস্য আছিলো । সমিতিৰ মজিয়াত যেতিয়া মহাজোঁটৰ প্ৰসংগ উত্থাপিত হৈছিল, তেনে সময়তে ম‌ই ব্যক্তিগতভাৱে আপত্তি কৰিছিলো । ওদালগুৰি সমষ্টিটো এটা সুকীয়া সমষ্টি । গতিকে মহাজোঁটৰ স’তে থাকিলে মোৰ ক্ষতি হ’ব । সেই অনুসৰি ম‌ই এতিয়া অনুভৱ কৰিছো যে মহাজোঁটত বিপিএফ থকা বাবেই ম‌ই পৰাজিত হ’লো । নিৰ্বাচনৰ দুখনমান সভাত ৰাইজে প্ৰশ্ন কৰিছিল যে বিপিএফে কিয় মহাজোঁটৰ স’তে হাত মিলালে ? ওদালগুৰি সমষ্টিত আপুনি অকলেই অৱতীৰ্ণ হ’লেও জয়লাভ কৰিলেহেঁতেন । বিগত ২০ বছৰে ওদালগুৰি সমষ্টিৰ বাবে বহু কাম কৰিলো । সমষ্টিটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলৰ বাবে যি ধৰণে কাম কৰিছিলো; কিন্তু মহাজোঁটত থকাৰ বাবেই মোৰ ক্ষতি হ’ল । যিহেতু বিপিএফে মাত্ৰ চাৰিখন আসনহে পালে, গতিকে এতিয়া আকৌ মহাজোঁটৰ স’তে থকাৰ প্ৰশ্ন নাই ।’

তদুপৰি তেওঁ কয়, ‘এতিয়া আমাৰ মূল উদ্দেশ্য হৈছে বিটিচি অঞ্চলৰ উন্নয়ন । বিটিচিৰ বাবে যি চৰকাৰে কাম কৰে, সেই চৰকাৰৰ স’তে সহযোগ কৰি কাম কৰাটো উচিত বুলি ম‌ই ব্যক্তিগতভাৱে ভাবো । আগন্তুক দিনত যেতিয়া হাগ্ৰামা মহিলাৰীৰ স’তে সাক্ষাৎ হ’ম বা দলীয় সভা অনুষ্ঠিত হ’ব, সেই সভাতো এই বিষয়টো উত্থাপন কৰিম । যিহেতু মহাজোঁট বৰ্তমান বিৰোধীৰ আসনত বহিছে, গতিকে চৰকাৰৰ স’তে থাকি বিটিচি অঞ্চলৰ উন্নয়নৰ বাবে কাম কৰিব লাগে ।’

ইফালে, শনিবাৰে অনুষ্ঠিত মহাজোঁটৰ সংবাদমেলত বিপিএফ অনুষ্ঠিত থকা বিষয়টো সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত দৈমাৰীয়ে কয়, ‘এই বিষয়টো সম্বন্ধে ম‌ই জ্ঞাত নহয়; কিন্তু অনাগত দিনত মহাজোঁটক বাদ দি চৰকাৰৰ স’তে বিটিচি উন্নয়নৰ বাবে কাম কৰিব লাগে । বিভিন্ন মাধ্যমত চৰ্চা হোৱাৰ দৰে বিপিএফ বিজেপিত চামিল হৈ নাযায় । বিপিএফ হৈছে এটা স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল । যদি এই বিষয়ে দলৰ মজিয়াত কিবা আলোচনা হৈছে তেন্তে ম‌ই নাজানো । যদিহে ইমানৰ পাছতো বিপিএফ মহাজোঁটত থাকে তেন্তে ম‌ই বিপিএফত নাথাকো । কৰণ মহাজোঁটৰ বাবেই মই পৰাজিত হৈছো । প্ৰয়োজন হ’লে নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ম তথাপি দ্বিতীয়বাৰ মহাজোঁটত থাকি মই নিৰ্বাচন নেখেলো । প্ৰয়োজন সাপেক্ষে বিপিএফ দল ত্যাগ কৰিম । কিন্তু বৰ্তমানলৈ তেনে পৰিৱেশ অহা নাই ।’

Exit mobile version