ৰাজ্যত অব্যাহত আছে পশুধন সৰবৰাহ

প্ৰতিদিনে বিভিন্ন কৌশলেৰে গো মাফিয়াই বাংলাদেশলৈ সৰবৰাহ কৰি আছে গোধন

ধুবুৰীত পুণৰ জব্দ ১৯ টাকৈ চোৰাং গৰু। ধুবুৰীৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত বুঢ়ীৰমাৰাই অঞ্চলৰ পৰা জব্দ ১৯ টাকৈ চোৰাং গৰু।

গৌৰীপুৰ থানাৰ আৰক্ষী বিষয়া আৰু বালাজান আৰক্ষী চকীৰ বিষয়া মনোজ নেৱাৰৰ নেতৃত্বত চলিছিল অভিযান।

অভিযানত চোৰাং গৰু জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে চোৰাং গৰু সৰ্বৰাহকাৰী নুৰ হোছেন ওৰফে হাফাক ।

প্ৰশ্চিমবংগ ৰ পৰা ছাগলীয়া হৈ ধুবুৰী জিলাত প্ৰৱেশ কৰাই নদী পথেৰে বাংলাদেশলৈ প্ৰেৰণ কৰে গো মাফিয়াই।

Exit mobile version