১৩ হেজাৰ ফুট উচ্চতা, গাধৰ পিঠিত প্ৰতিষেধকৰ বাকচ লৈ তিব্বত সীমান্তত স্বাস্থ্যকৰ্মী

vaccination in Mago 2

উচ্চতা ১৩ হেজাৰ ফুট । দিব লাগিব ক’ভিড প্ৰতিষেধক । ১৮০ কিলোমিটাৰ দূৰত্ব‌ও অতিক্ৰম কৰিব লাগিব । স্বাস্থ্যকৰ্মীসকলে এই অসম্ভৱকো সম্ভৱ কৰিছে অৰুণাচল প্ৰদেশত । অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে টুইট কৰা এটা ভিডিঅ’ত দেখা গৈছে যে, কিছুদূৰ গাড়ীত অতিক্ৰম কৰিলেও বহুখিনি পথ খোজকাঢ়ি আৰু গাধৰ পিঠিত বস্তু তোলি যাত্ৰা কৰিবলগীয়া হৈছে স্বাস্থ্যকৰ্মীসকলে ।

ভিডিঅ’টো টুইট কৰি মুখ্যমন্ত্ৰী খাণ্ডুৱে লিখে, দেশৰ প্ৰতি কৰ্তব্য পালন কৰিবৰ বাবে এই ইচ্ছাশক্তি আচৰ্যকৰ । তেওঁ কয়, তিব্বত সীমান্তৰ এখন গাঁৱত টিকাকৰণ কাৰ্যসূচীৰ বাবে গৈছে স্বাস্থ্যকৰ্মীসকল । এইটো তাৰেই ভিডিঅ’ ।

ইয়াৰ পাছৰ এটা ভিডিঅ’ত দেখা গৈছে, এজন লোকে পিপি‌ই কিট পৰিধান কৰি টিকাকৰণৰ কাম আৰম্ভ কৰিছে । মুখ্যমন্ত্ৰী খাণ্ডুৱে উল্লেখ কৰে, অৰুণাচল চৰকাৰ ব্ৰোকপা উপজাতিক এশ শতাংশ টিকাকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । সেয়ে টোপগে অঞ্চলৰ ১৩৩ ফুট উচ্চতাত অৱস্থিত এই গাঁৱত প্ৰতিষেধকৰ যোগান ধৰিছে স্বাস্থ্যকৰ্মীসকলে ।

ইতিমধ্যে প্ৰায় হেজাৰৰো অধিক লোকে এই ভিডিঅ’ প্ৰত্যক্ষ কৰিছে । অৰুণাচল প্ৰদেশত দেশীয় গড়তকৈ টিকাকৰণৰ হাৰ অধিক । বিগত দেওবাৰ পৰ্যন্ত ৰাজ্যখনত সাত হেজাৰ আঠশৰো অধিক লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

Exit mobile version