অদৰকাৰী বুলি পেলাই নিদিব আলুৰ বাকলি

আলুৰ বাকলিটো আছে বিভিন্ন উপকাৰী গুণ

Potato peel fiber delays bread staling Research

আলু এনেকোৱা এবিধ পাচলি যি সকলোৰে লগত মিলিব পাৰে । আলুক পাচলিৰ ৰজা বুলিও গণ্য কৰা হয় যিটো শিশুৰ পৰা প্ৰাপ্তবয়স্ক ব্যক্তিলৈ সকলোৰে অতি প্ৰিয় ।

বিভিন্ন ধৰণে প্ৰস্তুত কৰিব পৰা এই আলু সোৱাদযুক্ত হোৱাৰ লগতে,ই অতি পুষ্টিকৰ। আচৰিত কথাটো হল যে কেৱল আলুয়ে নহয়,ইয়াৰ বাকলিও স্বাস্থ্য আৰু সৌন্দৰ্যৰ বাবেও অতি উপযোগী ।

★ এনিমিয়াৰ সমস্যাৰ পৰা উপশম

আলুৰ বাকলিত আইৰণৰ মাত্রা যথেষ্ট পৰিমাণে থাকে। সেয়েহে, এনিমিয়াৰ সমস্যাৰ স’তে মােকাবিলা কৰিবলৈ ইয়াৰ ব্যৱহাৰ সহায়ক। একে সময়তে, আলুৰ বাকলিত ভিটামিন-বি৩ আৰু নিয়াচিন পােৱা যায়, যি আমাৰ শৰীৰক শক্তিশালী কৰাৰ লগতে শৰীৰক শক্তি যােগান ধৰে।

★ শক্তিশালী হাড়

আলুৰ বাকলিত ভিটামিন কমপ্লেক্স আৰু কেলচিয়াম অধিক পৰিমাণত পােৱা যায়, যি হাড় শক্তিশালী কৰাত সহায় কৰে। কেলচিয়ামে হাড়বােৰ শক্তিশালী কৰি তােলে আৰু ভিটামিন বিয়ে শৰীৰক শক্তি যােগান ধৰে।

★ আলুৰ বাকলিয়ে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰাত সহায় কৰে

বিশেষজ্ঞসকলে সাধাৰণতে ডায়েবেটিক ৰােগীসকলক আলু খােৱাৰ পৰামর্শ নিদিয়ে, কিয়নাে ইয়াত যথেষ্ট কার্বহাইড্রেট থাকে, যিয়ে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰে। কিন্তু আলু বাকলিৰ স’তে যদি খােৱা হয়, আমাৰ শৰীৰে অতিৰিক্ত ফাইবাৰ পায় আৰু ই তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰি ৰাখে।

★ কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা ৰক্ষা কৰে

আলুৰ বাকলি অত্যাধিক ফাইবাৰ সমৃদ্ধ, যি বিপাক উন্নত কৰে আৰু কোষ্ঠকাঠিন্য আৰু আন বহুতাে পাচন সমস্যাৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰিও, আলুত যথেষ্ট পৰিমাণে পটাছিয়াম থাকে, যি ৰক্তচাপ নিয়ন্ত্রণ কৰাত সহায় কৰে।

★ সৌন্দর্য বৃদ্ধি কৰে

বয়স বৃদ্ধি হােৱাৰ লগে লগে বহুতে চকুৰ তলত ক’লা ডাগ পৰা সমস্যাত ভুগিবলগীয়া হয়। সেয়েহে, আলুৰ বাকলি পিচি ইয়াৰ ৰস উলিয়াই ক’লা ডাগবােৰত প্ৰয়ােগ কৰাটো অতি সহায়ক হ’ব পাৰে। শৰীৰল বিভিন্ন অংশত পৰা ক’লা ডাগৰ পৰা মুক্তি পাবলৈ আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে।

Exit mobile version