তাপমাত্ৰা বৃদ্ধি পাইছে কানাডা-আমেৰিকাত, বন্যাত বিধ্বস্ত ইউৰোপ

320x180 cmsv2 b087cbad 1f0b 5e61 892b 4fb851aefcef 5815726

তাপপ্ৰবাহত বিধ্বস্ত কানাডাৰ পৰা আমেৰিকা । দুই দেশৰ বিস্তীৰ্ণ অঞ্চলত অভিলেখ ভংগ কৰিছে তাপমাত্ৰা‌ই । সম্প্ৰতি এই শীতল দেশবোৰৰ তাপমাত্ৰাৰ স’তে ভাৰতৰ উপমহাদেশৰ দেশবোৰৰ তুলনা কৰিছে স্থানীয়সকলে । বিজ্ঞানীসকলে কয়, এইটো আৰম্ভণিহে ! দৈনন্দিন আৰু উত্তাপ বৃদ্ধি পাব এই অঞ্চলবোৰত । গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ ফলতে তাপমাত্ৰা বৃদ্ধি পাইছে বুলি জনায় তেওঁলোকে । ইপিনে, প্ৰচুৰ বৃষ্টিপাতত বিধ্বস্ত জাৰ্মানী আৰু ছুইজালেণ্ডৰ দৰে ইউৰোপীয় দেশবোৰৰ একাংশ ।

কানাডাৰ ব্ৰিটিছ কলম্বিয়া অঞ্চলৰ এখন সৰু গাঁও লিটন । সোমবাৰে এই গাঁওখনত তাপমাত্ৰা হয় ৪৬.৬ ডিগ্ৰী চেলচিয়াছ । এই মানে ১৯৩৭ৰ তাপমাত্ৰাৰ অভিলেখ ভংগ কৰিছে বুলি জনায় বতৰবিজ্ঞানীসকলে । যোৱা কালি আমেৰিকাৰ প’ৰ্টলেণ্ডৰ তাপমাত্ৰা হয় ৪৬ ডিগ্ৰী চেলচিয়াছ । ওৰেগন প্ৰদেশৰ ছালেমত সোমবাৰে তাপমাত্ৰা আছিল ৪৭.২ ডিগ্ৰী চেলচিয়াছ । ছিয়াটেলৰ তাপমাত্ৰা‌ইও অভিলেখ ভংগ কৰিছে যোৱা কালি ।

তাপমাত্ৰা বৃদ্ধি পোৱা এই অঞ্চলবোৰ সাধাৰণতে শীতল । নিয়মিত বৃষ্টিপাতো হয় অঞ্চলকেইখনত ।

জলবায়ু পৰিৱৰ্তন হৈছে জাৰ্মানী, ছুইজাৰলেণ্ডৰ দৰে ইউৰোপীয় দেশবোৰৰ । বতৰৰ স্বাভাৱিকতা ভংগ কৰি এই অঞ্চলবোৰত গভীৰ বৃষ্টিপাত হয় । কিছু কিছু ঠাইত শিলাবৃষ্টিও হয় । স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি ছুইজাৰলেণ্ডৰ নট‌উইলত সাত চেণ্টিমিটাৰ দৈৰ্ঘ্যলৈকে শিলাবৃষ্টি হৈছে ।

Exit mobile version