অচিৰে ভাৰতত উপলব্ধ হ’ব ক’ভিডৰ চতুর্থটো প্রতিষেধক

NOYA45BI2BIFDOWE2TFKCJ56LE

ক’ভিডৰ দ্বিতীয় টৌৰ প্রাবল্য হ্রাস পালেও দেশত তৃতীয়টো ঢৌৰ শংকা আছে। এনে পৰিপ্ৰেক্ষিতত এইবাৰ দেশত চতুর্থটো ক’ভিড প্রতিষেধক প্রয়ােগৰ অনুমতি দিলে কেন্দ্রীয় চৰকাৰে।

ক’ভিশ্বিল্ড, ক’ভাক্সিন, স্পুটনিক ভিৰ পাছত এইবাৰ মার্কিন প্রতিষেধক মডার্নাক ভাৰতত টিকাকৰণৰ বাবে কেন্দ্রই অনুমতি দিলে।

মুম্বাইৰ প্রতিষ্ঠান চিল্লাই ভাৰতত মডার্নাৰ প্রতিষেধকৰ সৰবৰাহৰ চোৱা-চিতা কৰিব। যােৱা সােমবাৰে ফার্মা প্রতিষ্ঠান চিপলাই দেশত মডার্নাৰ প্রতিষেধক উপলব্ধ কৰিবলৈ ডি চি জি আইৰ পৰা অনুমতি বিচাৰিছিল আৰু মঙলবাৰে প্রয়ােজনীয় অনুমতি লাভ কৰে।

নিটি আয়ােগৰ সদস্য ভি কে পলে বুধবাৰে এই কথা প্রকাশ কৰি জনােৱা মতে, বর্তমানলৈকে ভাৰতে মুঠ চাৰিটা প্রতিষেধকত অনুমােদন জনাইছে। অচিৰে দেশবাসীয়ে মডানাৰ ক’ভিড প্রতিষেধকৰ যােগান লাভ কৰিব।

Exit mobile version