কলি যুগৰ ৰাম ! ধনু ভাঙি বিয়া কৰালে বিহাৰৰ এজন যুৱকে

Capture 5

সীতাৰ বাবে স্বয়ম্বৰ আয়োজন কৰিছিল ৰজা জনকে । সেই স্বয়ম্বৰত শিৱৰ বৰদান পাই ধনু ভাঙিছিল ৰামে । তাৰ পাছত সীতাই ৰামক স্বামী হিচাপে গ্ৰহণ কৰিছিল ।

মহাকাব্য ৰামায়ণৰ সেই ঘটনাৰ দৰেই, স্বয়ম্বৰ সভাৰ আয়োজন কৰা হৈছে বিহাৰৰ এজন যুৱকৰ বিয়াত । যি এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।

বিহাৰৰ চাৰণ জিলাৰ চাবলপুৰত এখন বিবাহ অনুষ্ঠানত কইনাৰ ঘৰত স্বয়ম্বৰ সভাৰ আয়োজন কৰা হৈছিল । বিবাহৰ অনুষ্ঠানৰ আগতেই হয় এই সভাখন । নিৰ্মাণ কৰা হৈছিল এটা মঞ্চ, তাত এখন ধনুও ৰখা হৈছিল । পাত্ৰ‌ই আগবাঢ়ি আহে আৰু ধনুখন তুলি লয় ।

ধনু ভঙাৰ লগে লগে সকলো ফালৰ পৰা অতিথিয়ে পাত্ৰজনক ফুল চতিয়াবলৈ ধৰে । ধনুখন ভঙাৰ পাছতে কইনাই যুৱকজনক তেওঁৰ স্বামী হিচাপে স্বীকাৰ কৰে । দুয়োজনে মালাও পিন্ধালে ।

বিহাৰত এই বিবাহক লৈ এতিয়া বিভিন্ন চৰ্চা আৰম্ভ হৈছে । সামাজিক মাধ্যমত বহুতে এনে অভিনৱ আয়োজনৰ প্ৰশংসা কৰিছে ।

Exit mobile version