মােদী-জনছনৰ ফটো প্ৰচাৰত ব্যৱহাৰ কৰি বিৰােধীয়ে ক’লে ‘এওঁৰ পৰা সাৱধানে থাকিব’

ব্রিটেইনৰ নিৰ্বাচনত লেবাৰ পাৰ্টিৰ মােদী বিৰােধিতা

jpg

উত্তৰ ইংলণ্ডত অনুষ্ঠিত হ’ব লগা উপ-নির্বাচনৰ দলীয় প্রচাৰত ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ ফটো ব্যৱহাৰ কৰাক লৈ ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে।

ADVERTISEMENT

দৰাচলতে লেবাৰ পাটিয়ে নিজৰ প্ৰচাৰত ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্র মােদী আৰু কনজাৰভেটিভ পার্টি নেতা তথা ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনে কৰমর্দন কৰি থকা এখন ফটোগ্রাফ ব্যৱহাৰ কৰিছে।

লেবাৰ পাৰ্টিয়ে এইদৰে মােদী আৰু জনছনৰ মিত্ৰতাৰ ফটো ব্যৱহাৰ কৰি মােদীৰে বন্ধুত্ব ৰক্ষাকাৰী দল অর্থাৎ ক্ষমতাধিষ্ঠিত সাংসদৰ পৰা সাৱধানে থাকিবলৈ ভােটদাতাসকলক আহ্বান জনাইছে। মােদী-জনছনৰ মিত্ৰতাৰ এই ফটো লেবাৰ পাৰ্টিয়ে নিজৰ প্ৰচাৰত ব্যৱহাৰ কৰি ইয়াৰ স’তে শ্ল’গানত এইদৰে কয়, এওঁৰ পৰা সাৱধানে থাকিব।

ব্রিটেইনৰ বিৰােধী দল লেবাৰ পাৰ্টিয়ে দেশখনত অনুষ্ঠিত হ’ব লগা উপ-নির্বাচনত এইবাৰ মােদী বিৰােধিতাৰে ভােটদাতাৰ সমর্থন লাভৰ চেষ্টা চলাইছে। এই ঘটনাত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ব্রিটেইন নিবাসী প্ৰৱাসী ভাৰতীয়সকলে।

ভাৰতীয় প্ৰৱাসীৰ সংগঠন কনজাৰভেটিভ ফ্রেণ্ডছ অৱ ইণ্ডিয়া (চি এফ আই এন)ই এই সন্দৰ্ভত তীব্র প্রতিক্রিয়া প্রকাশ কৰি ব্রিটেইনৰ লেবাৰ পার্টিক বিভাজনকাৰী আৰু ভাৰতবিৰােধী আখ্যা দিলে। চি এফ আই এন-এক বিবৃতিত কয়, ‘প্রিয় কীৰ ষ্টাৰ্মৰ, কোনাে প্রধানমন্ত্রী বা নেতাই বিশ্বৰ সর্ববৃহৎ লােকতন্ত্ৰৰ স’তে সম্পর্ক ৰাখিবলৈ অস্বীকাৰ কৰিব পাৰে নে আৰু এনে ধৰণৰ প্রচাৰৰ কাৰণ কি আপুনি ব্যাখ্যা কৰিব পাৰিব নে ?

Exit mobile version