কেইবিধমান সেউজীয়া শাক পাচলিৰ উপকাৰিতা

394590805 H 1024x700 1

সেউজীয়া শাক-পাচলিত প্ৰায় সকলো প্ৰয়োজনীয় উপাদান থকাৰ কাৰণে ই শৰীৰৰ পুষ্টি আৰু বৃদ্ধিত সহায় কৰে।নিয়মিত খাদ্যত সেউজীয়া শাক পাচলিৰ অন্তৰ্ভুক্তিয়ে শৰীৰটোক সুস্থ সৱল কৰি ৰাখে।

সেউজীয়া শাক-পাচলিত কেলছিয়াম, বিটা’কেৰটিন আৰু খাদ্যপ্ৰান গ উৎকৃষ্ট পৰিমাণত থাকে।

সেউজীয়া শাক-পাচলি আমাৰ স্বাস্থ্যৰ বাবে বৰ উপকাৰী। আমাৰ দৈনিক খাদ্যৰ লগত কিছু পৰিমাণে হ’লেও সেউজীয়া শাক-পাচলি থকা অতি দৰকাৰ।

★ সৰিয়হ শাক

সৰিয়হ তেলৰ দৰে সৰিয়হ শাকতো প্রচুৰ পৰিমাণে ভিটামিন আছে। শীতকালত এই শাক প্ৰচুৰ পোৱাও যায়। নিয়মিত এই শাক খালে ৰক্তত উপকাৰী কলেষ্টেৰল পৰিমাণ বাঢ়ে। ইয়াৰ উপৰি এই শাকে দেহত ভিটামিন ডি সৃষ্টি কৰাতো সহায় কৰে।

★ পালেং শাক

কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে পালেং শাকে। এই শাকত আছে প্রচুৰ পৰিমাণে ভিটামিন এ, বি, চি, ই আৰু আয়ৰন। আৰু সেয়ে নিয়মিত পালেং শাক খালে ৰক্তত আয়ৰনৰ মাত্রা বৃদ্ধি পায়।

★ কলমৌ শাক 

হজমৰ সমস্যা বেছি থাকিলে এই শাক নোখোৱাই ভাল। অৱশ্যে পেট পৰিষ্কাৰ ৰখাত সহায় কৰে এই শাকে। ই শৰীৰত পানীৰ পৰিমাণ নিয়ন্ত্রণত ৰাখে।

★ পূৰৈ শাক

প্রচুৰ পৰিমাণে ভিটামিন চি আছে পূৰৈ শাকত। এই ভিটামিনে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰি পূৰৈ শাকত আছে প্রয়োজনীয় কেলচিয়াম, খনিজ লো, মেগনেছিয়াম আৰু জিংক। এইবোৰ উপাদান সুস্থতাৰ বাবে অপৰিহার্য। হার্টৰ সমস্যা থাকিলে কন্তু এই শাক নাখাব।

★ মৰাপাটৰ পাত

মৰাপাটৰ পাতৰ বড়া খাবলৈ খুবেই ভাল। কোষ্ঠকাঠিন্যৰ সমস্যাত মৰাপাটৰ শাক খুবেই উপকাৰী। ইয়াৰ উপৰি পেটৰ ৰোগ, চর্দি, কাহ আদি আঁতৰায় মৰাপাটৰ পাতে। আৰু জলবায়ু সলনিৰ সময়ত খুবেই উপকাৰী এই পাত।

★ মূলা শাক

মূলাৰ পাত লঘুপাক অর্থাৎ সহজে হজম হয়। তেল বা ঘিউত ভাজি মূলা শাক খালে বাত বিষ আঁতৰে। কিন্তু ভালদৰে সিদ্ধ কৰি নাখালে কফ আৰু পিত্তৰ সমস্যা বাঢ়ে।

★ ব্রাহ্মী শাক

এই শাক ভাজি বা আঞ্জা কৰি খালে আয়ুস বৃদ্ধি, স্মৃতি শক্তি বৃদ্ধি হয় বুলি কোৱা হয়। ইয়াৰ উপৰিও স্নায়বিক দুর্বলতা, ধাতু দুর্বলতা, ৰক্তপিত্ত আৰুকাহ আৰােগ্য হয়। এই শাক গৰুৰ ঘিউৰে ভাজি খালে বেছি উপকাৰ পােৱা যায়।

★ মানিমুনি

এই শাকত প্ৰচুৰ “চি” ভিটামিন থাকে।সকলােধৰণৰ পেটৰ গােলমালত এই শাক উপকাৰী। তদুপৰি এই শাক স্নায়ুৰ মহৌষধ বুলি কোৱা হয়। এই শাকৰ ৰস স্মৃতিবর্ধক, আয়ুস বৃদ্ধিকাৰক আৰু কুষ্ঠৰােগৰ বাবেও উপকাৰী। মানিমুনি শাক দুবিধ, এবিধ বৰ মানিমুনি আৰু
আনবিধ সৰু মানিমুনি।

★ ভেদাইলতা

ভেদাইলতাৰ পাত আৰু ঠানি মানুহে আঞ্জা কৰি খায়। মচমচীয়াকৈ বড় ভাজিও খাব পাৰি। এই শাক অতি বলকাৰক। তদুপৰি আঁঠুৰ বিষ, বাত বিষ আদিতাে এই শাকৰ পাত থেতেলিয়াই লগাব পাৰি। এই শাক নিয়মিত খালে কফ, অর্শ আৰু বাত বেমাৰ আৰােগ্য হয়। যিকোনাে ৰক্তৰ বাবেও এই শাক উপকাৰী।

Exit mobile version