চাকৰিৰ বাবে প্রযােজ্য নহ’ব এই ফলাফলৰ প্রমাণপত্র : শিক্ষামন্ত্রী

1600x960 238521 ranoj pegu

ৰাজ্যৰ ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা প্রায় ছয় লাখ ৯০ হেজাৰ পৰীক্ষাৰ্থীৰ ভৱিষ্যৎ পণবন্দী কৰি বৃহস্পতিবাৰে বাতিল হােৱা পৰীক্ষাৰ ফলাফল ঘােষণাৰ আৰ্হি ৰাজহুৱা কৰিলে শিক্ষা বিভাগে।

ফলাফল ঘােষণাৰ পদ্ধতি মূল্যায়ন কৰিবলৈ গঠন কৰা দুয়ােখন উচ্চস্তৰীয় সমিতিৰ প্রতিবেদনক আধাৰ হিচাপে লৈ তিনিওটা পৰীক্ষাৰ ফলাফল অহা ৩১ জুলাইৰ ভিতৰত অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘােষণা কৰিব বুলি বৃহস্পতিবাৰে শিক্ষামন্ত্রী ডাঃ ৰণােজ পেগুৱে এক সংবাদমেলত সদৰী কৰে।

শিক্ষা বিভাগে বৃহস্পতিবাৰে ৰাজহুৱা কৰা পদ্ধতিৰে ফলাফল ঘােষণা কৰা হ’ব যদিও উত্তীর্ণ হােৱা শিক্ষার্থীয়ে লাভ কৰা নম্বৰ তালিকা-প্রমাণপত্র নম্বৰ ভিত্তিক অগ্রাধিকাৰ থকা চাকৰিত প্রযােজ্য নহ’ব বুলি জাৰি কৰা নিদের্শনাই ৰাজ্যজুৰি বিৰূপ প্রতিক্রিয়া সৃষ্টি কৰিছে। এই সন্দৰ্ভত ছেবাৰ কাৰ্যালয়ত এক সংবাদমেলত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয়,ৰাজ্যৰ শিক্ষা বিভাগৰ অধীনস্থ টেট
শিক্ষক আৰু নির্দিষ্ট কিছুমান চাকৰিৰ ক্ষেত্ৰত মেট্রিক আৰু উচ্চতৰ মাধ্যমিকত লাভ কৰা নম্বৰৰ জৰিয়তে অগ্রাধিকাৰ ভিত্তিত নিযুক্তি দিয়া হয়।

ৰাজ্য চৰকাৰৰ আৰু কিছু বিভাগত এনে ব্যৱস্থা আছে, য’ত কেৱল মেট্রিক-উচ্চতৰ মাধ্যমিক নম্বৰক ভিত্তি কৰি নিযুক্তি প্রক্রিয়াত বাছনি কৰা হয়। যিসকল পৰীক্ষাৰ্থীয়ে অদূৰ ভৱিষ্যৎ এনেধৰণৰ চাকৰি কৰিব বুলি মনত আশা পুহি ৰাখিছে তেওঁলােকে এই ফলাফলৰ উপৰি বিশেষ মেট্রিক বা বিশেষ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা দিব লাগিব। কাৰণ তেওঁলােকে এই ফলাফলত যি নম্বৰ লাভ কৰিব ৰাজ্য চৰকাৰৰ উল্লিখিত মকৰলত এই নম্বৰ বা ফলাফল প্রযােজ্য নহ’ব।

উল্লেখ্য যে মেট্রিক, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শিক্ষা বিভাগে অনুষ্ঠিত কৰিবই বুলি উল্লেখ কৰি মন্ত্রী পেগুৱে পুনৰ কয় যে দুটা পৰিস্থিতিত শিক্ষার্থীসকলে এই বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। এই ফলাফলত সন্তুষ্ট নােহােৱা আৰু মেট্রিক-উচ্চতৰত লাভ কৰা নম্বৰৰ গণনাৰ ভিত্তিত লাভ কৰা চাকৰি প্রত্যাশীসকলৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ’ব বুলি মন্ত্রীজনে কয়।

এই ব্যৱস্থা গ্রহণ নকৰিলে কাইলৈ আইনৰ সন্মুখীন হ’ব লাগিব বুলি আশংকা ব্যক্ত কৰি মন্ত্ৰীজনে কয়, ‘ যিসকলে শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হৈ আছে আৰু ভৱিষ্যৎ যিসকলে শাৰীৰিকভাৱে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব তেওঁলােকে এদিন প্রশ্ন কৰিব।

কাৰণ যেতিয়া চাকৰিৰ বাবে আবেদন কৰিব, তেওঁলােকে প্রশ্ন কৰি আইনৰ কাষলৈ যােৱাৰ সম্ভাৱনা আছে যে আমাক ২০২১ বৰ্ষৰ পৰীক্ষাৰ্থীৰ লগত তুলনা কৰিব নােৱাৰে। এই বৰ্ষত পৰীক্ষা হােৱা নাছিল। সেয়ে পৰিস্থিতি ভাললৈ আহিলে বা প্রয়ােজন হলে ২০২২তাে এনে আকাংক্ষিত পৰীক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত হ’ব।

ইফালে, শিক্ষার্থীসকলৰ এটা শিক্ষাবর্ষ যাতে নষ্ট নহয়, কেৱল তাৰ ওপৰত ভিত্তি কৰিয়েই তেওঁলােকে আগন্তুক শিক্ষাবর্ষত নামভৰ্তি কৰিব পৰাকৈ এই ফলাফল ঘােষণাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি শিক্ষামন্ত্রী পেগুৱে সদৰী কৰি কয় যে যি পৰীক্ষাৰ্থীয়ে এই মূল্যায়ন পদ্ধতি বা ফলাফলত সন্তুষ্ট নহয়, তেওঁলােকে বিশেষভাৱে অনুষ্ঠিত হ’ব লগা মেট্রিক, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।

অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত এই বিশেষ পৰীক্ষা অনুষ্ঠিত হ’ব আৰু যদি ক’ভিড পৰিস্থিতি উন্নত নহয় তেন্তে আগন্তুক বৰ্ষত এই বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি মন্ত্রীজনে কয়। উল্লেখ্য যে ক’ভিড পৰিস্থিতিৰ ফলশ্ৰুতিত শিক্ষা বিভাগে এই পৰীক্ষা বাতিল কৰাৰ পাছত পুনৰ বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি মন্ত্রীজনে সদৰী কৰাৰ পাছতে ৰাজ্যজুৰি বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰিছে।

বিশেষকৈ ঘােষণা কৰিবলগীয়া ফলাফলৰ চাকৰিৰ ক্ষেত্ৰত বৈধতা নথকাৰ সন্দৰ্ভত সাংবাদিকে সােধা প্ৰশ্নৰ উত্তৰত মন্ত্রী পেগু, ‘এই ফলাফল উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বৈধ। তাৰ পাছতাে বহু শিক্ষানুষ্ঠানে এই ফলাফল প্রত্যক্ষ কৰি নামভর্তি নকৰে। নামভৰ্তিৰ বাবে তেওঁলােকে প্ৰৱেশিকা পৰীক্ষা পাতে। জেইই, নিট আদিয়ে সেই পদ্ধতিৰে নামভর্তি কৰােৱায়। ঠিক তেনেদৰে আমি আগতে কৈ দিছাে যে এই ফলাফল টে’ট বা নম্বৰক অগ্রাধিকাৰ দিয়া অন্যান্য চাকৰিত বৈধ নহ’ব। যিসকলে এনে চাকৰি কৰিব বিচাৰে তেওঁলােকে আগন্তুক সময়ত অনুষ্ঠিত হ’ব লগা এই বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব।’

চাৰে চাৰিলাখ শিক্ষার্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হােৱাৰ বিপৰীতে অসমত সমুঠ চাকৰিৰ সংখ্যা হৈছে পাঁচৰ পৰা ছয় লাখ বুলি উল্লেখ কৰি মন্ত্রী পেগুৱে কয় যে এই পৰীক্ষাৰ্থীসকলৰ ভিতৰৰ পৰা ৰাজ্য চৰকাৰৰ অধীনস্থ চাকৰিলৈ যিমান যাব, তেওঁলোক হেজাৰত থাকিব, লাখত নাথাকে।

যিসকলৰ চাকৰি কৰাৰ আশা থাকে সেইসকলৰ বাবেহে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয় যে বর্তমান এডমিট নম্বৰ মতেই বিনামূলীয়াকৈ আগ্রহী শিক্ষার্থীসকলে এই বিশেষ শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।

Exit mobile version