থুৰীয়া পাহাৰত শ শ ৰাইজৰ প্ৰতিবাদ, পথ নিৰ্মাণৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ ৰাইজৰ

WhatsApp Image 2021 07 02 at 7.21.35 PM

বি টি আৰৰ পৰ্বতঝোৰা মহকুমাৰ দেৱীতোলা উন্নয়ন খণ্ডৰ দেৱীতোলা ভি চি ডি চিৰ এলেকাধীন থুৰীয়া পাহাৰৰ পৰা দেবীতোলা লৈ যোৱা পথটো পকীকৰণৰ বাবে চৰকাৰে যোৱা ২০১৮/২০১৯ত প্ৰায় ১৫ কোটি টকা আবন্টন দিছিল বুলি ৰাইজে জনাইছে ৷ হাগ্ৰামা মহিলাৰী চৰকাৰৰ দিনত এই পথটো নিৰ্মাণৰ কাম আৰম্ভ হৈছিল কিন্তু ঠিকাদাৰজনে পথ নিৰ্মাণৰ কামৰ নাম ফলক নিদি নিজ খেয়াল খুচি মতে কাম আৰম্ভ কৰি আধাৰুৱা কৰি পেলাই থৈ চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে নিৰ্মিয়মান পথটো কিমান টকাৰ কিমান দূৰত্ব আৰু আহল-বহল কিমান কোনেও নাজানে ৷ পথটো চোৱা-চিতাৰ বাবে হাগ্ৰামা মহিলাৰীৰ খুলশালিয়েক তথা ১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ এম চি এল এ মুনমুন ব্ৰহ্মক দায়িত্ব অৰ্পণ কৰিছিল বুলি ৰাইজে সাংবাদিকক জানিবলৈ দিয়ে ৷ ১৫ কোটি টকীয়া পথটো নিৰ্মাণৰ কাম কোনোমতে কৰি সমুদায় পথটোৰ আঁচনিৰ ধন আত্মাসাৎ কৰিছে ঠিকাদাৰজনে ৷ ফলত শ শ ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে ৷

হাগ্ৰামা মহিলাৰীৰ দিনত এইটো পথ নিৰ্মাণত কে’বা কোটি টকীয়া কেলেংকাৰীৰ দোষ ৰাজ্যৰ শাসকীয় বিজেপি চৰকাৰ আৰু বিটিআৰৰ শাসকীয় প্ৰমোদ বড়ো চৰকাৰৰ গা লৈ ঠেলি দিয়ে থুৰীয়া পাহাৰৰ ৰাইজে ৷ বিজেপি চৰকাৰ হায় হায় প্ৰমোদ বড়ো হায় হায় আদি শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

Exit mobile version