পুনৰ ৰন্ধন গেছৰ ২৫.৫০ টকা মূল্যবৃদ্ধি ছমাহত বৃদ্ধি ১৪০ টকা

982738 gas cylinder

দেশত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য। বৃহস্পতিবাৰৰ পৰা ৰাজসাহায্যবিহীন এল পি জি প্রতিটো চিলিণ্ডাৰৰ মূল্য ২৫ টকা ৫০ পইচা বৃদ্ধি পালে। এই বৃদ্ধিৰ ফলত জুলাইত ১৪.২ কিলােগ্রাম ঘৰুৱা ব্যৱহাৰ্য প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য মুম্বাই আৰু দিল্লীত ৮৩৪ টকা ৫০ পইচা হ’ল।

আনহাতে, চেন্নাইত ৮৫০ টকা ৫০ পইচা আৰু কলকাতাত ৮৬১ টকা প্রতি চিলিণ্ডাৰৰ মূল্য নির্ধাৰণ হ’ল। দেশৰ সকলাে মহাসাগৰৰ ভিতৰত কলকাতাতে বর্তমানে সর্বাধিক হ’ল ৰন্ধন গেছৰ মূল্য।

চলিত বৰ্ষৰ প্রথম ছমাহত ৰন্ধন গেছৰ প্রতিটো চিলিণ্ডাৰৰ মূল্য ১৪০ টকা বৃদ্ধি পালে। ঘৰুৱা ব্যৱহার্য এল পি জি চিলিণ্ডাৰৰ লগতে বাণিজ্যিক ৰন্ধন গেছৰাে মূল্য বৃদ্ধি কৰা হৈছে।

১৯ কিলােগ্ৰামৰ বাণিজ্যিক ব্যৱহাৰৰ চিলিণ্ডাৰৰ মূল্য ৭৬ টকা বৃদ্ধি পালে। উল্লেখ্য যে দেশত পেট্র’ পণ্যৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আহিছে। বিগত কে’বাটাও সপ্তাহত পেট্রল-ডিজেলৰ মূল্যই সর্বকালৰ অভিলেখ ভংগ কৰিছে।

দেশৰ একাংশ চহৰত সম্প্রতি পেট্র’লৰ মূল্য প্রতি লিটাৰত এশ টকা হৈছে আৰু একাংশ চহৰত এইবিধ পেট্র’পণ্যৰ মূল্য এশৰ আশে-পাশে আছে। এনে পৰিস্থিতিতে মধ্যবিত্তৰ উদ্বেগ বৃদ্ধি কৰি ৰন্ধন গেছৰ পুনৰ মূল্যবৃদ্ধি কৰিলে চৰকাৰে।

প্ৰসংগত উল্লেখ্য যে দেশবাসীয়ে নতুন মূল্যত ১৪.২ কিলােগ্রামৰ এল পি জি চিলিণ্ডাৰ ক্রয় কৰিব লাগিব। অৱশ্যে কেন্দ্রই বছৰি ১২টা চিলিণ্ডাৰৰ বাবে ৰাজসাহায্য প্রদান কৰি আহিছে আৰু ৰাজসাহায্যৰ এই ধন এল পি জি উপভােক্তাৰ বেংকৰ একাউণ্টত প্রতি চিলিণ্ডাৰৰ বিপৰীতে ওভতাই দিয়া হয়।

Exit mobile version