বলীউডৰ অভিনেত্ৰী য়ামী গৌতমক তলব ইডি-ৰ, বৈদেশিক মুদ্ৰা সংক্ৰান্ত অনিয়মৰ অভিযোগ

Yami Gautam 1

বলীউড অভিনেত্ৰী য়ামী গৌতমক তলব কৰিলে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে । অৰ্থনৈতিক অনিয়মৰ তদন্তকাৰী এই সংস্থাই আগন্তুক সপ্তাহত য়ামীক তেওঁলোকৰ মুম্বাইৰ কাৰ্যালয়‌লৈ মাতিছে । তেওঁৰ বিৰুদ্ধে কি অভিযোগ দাখিল হৈছে সেই বিষয়ে ইডি-য়ে জনোৱা নাই । কেৱল কোৱা হৈছে, বিদেশী মুদ্ৰা বিনিময় বিষয়ক এটা গোচৰত অভিনেত্ৰীগৰাকীক সোধ-পোচ কৰা হ’ব ।

আগন্তুক সাত জুলাইত ইডি-ৰ মুম্বাই কাৰ্যালয়ত যাব য়ামী । অৱশ্যে অভিনেত্ৰীগৰাকীৰ তৰফৰ পৰা এই বিষয়ত কোনো প্ৰতিক্ৰিয়া লাভ কৰা নাই । য়ামীক ফ’ৰেইন এক্সচেঞ্জ মেনেজমেন্ট আইন ভংগৰ এক গোচৰত সোধ-পোচ কৰা হ’ব বুলি ইডি সূত্ৰে খবৰ ।

বলীউডৰ ‘বিকি ড’নাৰ’, ‘বদলাপুৰ’, ‘কাবিল’ ইত্যাদি চলচ্চিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ।

Exit mobile version