বাগসাৰ বাঁ‌হবাৰীত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

WhatsApp Image 2021 07 02 at 6.20.03 PM

আজি সদৌ অসম আদিবাসী সন্থা চমুকৈ আছাৰ ২৫ তম প্ৰতিষ্ঠা দিৱস। আজিৰ দিনটোতে প্ৰয়াত জাষ্টিন লাক্ৰাৰ নেতৃত্বত জন্মলাভ কৰিছিল ছাত্ৰ সংগঠন আছা ৷

ADVERTISEMENT

আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু বাঁ‌হবাৰী আঞ্চলিকৰ উদ্যোগত বাগসাৰ শালবাৰীৰ বাঁ‌হবাৰীত উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱস।

কাৰ্যসূচীনুসৰি ৰাতিপুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পনৰ লগতে সামাজিক দুৰত্ব বজাই ৰাখি এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় ৷ কৃষ্ণ কুজুৰৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰত আদিবাসী সকলৰ সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ লগতে ছাত্ৰ সংগঠনটোৰ ২৫ বছৰ হোৱা হেতুকে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সন্দৰ্ভত আলোচনা কৰা হয় ৷

আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে আছাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানছুখ ছানখাড়িকা, ৰাজু তিৰ্কীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ৷

Exit mobile version