লক্ষ্য মোদীৰ স্বপ্ন পূৰণ, সবৰমতী আশ্ৰমৰ পৰা উচ্ছেদ দুশৰো অধিক দলিত পৰিয়াল

Sabarmati Ashram cover

অতিমাৰী পৰিস্থিতিত অক্সিজেন আৰু প্ৰতিষেধকৰ নাটনি হৈ থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বপ্নৰ চেণ্ট্ৰেল ভিষ্টাৰ বাবে ৰাজকোষৰ অৰ্থৰ নাটনি হোৱা নাই । ফলত গংগাত উটিছে ক’ভিডত শ ৰোগীৰ মৃতদেহ, প্ৰতিখন ৰাজ্যতে জ্বলিছে চিতা ।

প্ৰধানমন্ত্ৰী মোদীৰ সপোন পূৰণ কৰিবৰ বাবে মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰমৰ কাষত থকা দুশৰো অধিক দলিত পৰিয়ালক উচ্ছেদ কৰা হৈছে । সবৰমতী আশ্ৰমক প্ৰধানমন্ত্ৰী মোদীৰ উদ্যোগত ‘বিশ্বমানৰ পৰ্যটন কেন্দ্ৰ’ হিচাপে গঢ়ি তুলিবৰ বাবেই এই আশ্ৰমৰ ভূমিত বাস কৰা হৰিজনসকলক উচ্ছেদৰ প্ৰকল্প হাতত লৈছে কেন্দ্ৰ‌ই । ১৯১৭ত বাপুজীয়ে প্ৰতিষ্ঠা কৰা আশ্ৰমত পাঁচ প্ৰজন্ম ধৰি বাস কৰা হৰিজন পৰিয়ালবোৰক অন্য স্থানলৈ স্থানান্তৰ কৰিবৰ বাবে গুজৰাট চৰকাৰক নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।

গৃহমন্ত্ৰী শ্বাহে কয় যে, প্ৰধানমন্ত্ৰীৰ ‘সপোনৰ প্ৰকল্প’ গঢ়ি তুলিবৰ বাবে উন্নয়ন কৰা হ’ব চত্বৰৰ । এই সন্দৰ্ভত শ্বাহৰ স’তে বৈঠকৰ পাছত আশ্ৰম ভ্ৰমণত যায় গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণীৰ মুখ্য সচিব কে কৈলাসনাথ । ৰাজ্যৰ প্ৰস্তাৱ, এই আশ্ৰমবাসীসকলৰ বাবে বিকল্প বাসস্থানৰ ব্যৱস্থা কৰা হ’ব । তেওঁলোক ইয়াৰ বাবে মান্তি নহ’লে ৬০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া হ’ব ।

সবৰমতী আশ্ৰমৰ বিস্তৃত অংশত পাঁচখন বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাৰ কাৰ্যালয়ো আছে । গান্ধীৰ অনুপ্ৰেৰণাত নানান গঠনমূলক কাৰ্যসূচী চলায় এই সংস্থাবোৰে । এই পাঁচখন সংস্থাৰ প্ৰতিনিধিসকলক লৈ গঠিত উপদেষ্টা কমিটিৰ শীৰ্ষত আছে বিজয় ৰূপাণী । সূত্ৰ অনুসৰি, মোদীৰ ‘স্বপ্নৰ প্ৰকল্প’ৰ বাবে আশ্ৰমল দলিত পৰিয়ালসমূহক উচ্ছেদৰ পৰিকল্পনাৰ কথা চৰকাৰে এই প্ৰতিনিধিসকলক জনোৱা নাছিল ।

আশ্ৰমৰ বাসিন্দাসকলক ইতিমধ্যে চুক্তিপত্ৰত স্বাক্ষৰ কৰাৰ প্ৰস্তাৱ দিছে আহমেদাবাদ পৌৰসভাই । স্বাক্ষৰ কৰাসকলক আগতীয়াকৈ ২০ লাখ টকা দিয়া হৈছে । আশ্বাস দিয়া হৈছে গৃহ ত্যাগ কৰাৰ পাছত ৪০ লাখ টকা দিয়া হ’ব ।

Exit mobile version