সমগ্র বিশ্বকে গ্রাস কৰিব কৰ’নাৰ ডেল্টা প্রজাতিয়ে

শতাধিক দেশত বিয়পি কৰাত উদ্বেগ বিশ্ব স্বাস্থ্য সংস্থাৰ

116539038 gettyimages 1211903264

আগন্তুক দিনত সমগ্র বিশ্বজুৰি সংক্রমণ বিয়পিব পাৰে কৰ’না ভাইৰাছৰ ডেল্টা প্ৰজাতিৰ। প্রায় এশ দেশত এই প্রজাতিৰ অস্তিত্ব পােৱা গৈছে। ভাৰতত প্রথমে সন্ধান পােৱা এই ডেল্টা প্ৰজাতিৰ সংক্রমণ বিয়পােৱাৰ ক্ষমতা অতি বেছি হােৱাৰ বিষয়টোতে এতিয়া উদ্বিগ্ন হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)।

জুনৰ অতিমাৰী সংক্রান্তীয় প্রতিবেদনত ‘হু’ৰ তৰফৰ পৰা জনাইছে যে নথি-পত্ৰত এই পর্যন্ত ৯৬খন দেশত ডেল্টাৰ অস্তিত্ব পােৱা গলেও আক্রান্ত দেশৰ প্রকৃত সংখ্যাটো এশৰ ওপৰত। ভাইৰাছৰ প্ৰজাতি চিহ্নিতকৰণৰ বাবে যি আন্তঃগাঁথনিৰ প্রয়ােজন, সেয়া বহু দেশতেই নাই।

যাৰ ফলত প্রকৃত সংখ্যাটো পােহৰলৈ অহা নাই। কিন্তু সম্প্রতি যথেষ্ট সংখ্যক দেশত দৈনিক সংক্রমণ বৃদ্ধি পাইছে। গুৰুতৰ অসুস্থ হৈ ক’ভিড আক্রান্তসকলে হাস্পতালত ভর্তি হােৱাৰ খবৰ বেছিকৈ আহি আছে। ডেল্টা প্রজাতিৰ বাবেই যে এই প্রৱণতা, সেয়া লক্ষ্য কৰা হৈছে বুলিও হু’ৰ প্রতিবেদনত জনাইছে।

ডেল্টা প্ৰজাতিৰ সংক্রমণ ৰােধ কৰিবলৈ বাধ্যতামূলকভাৱে মাস্ক পৰিধান কৰা আৰু শাৰীৰিক দূৰত্ব বিধি বৰ্তাই ৰখাৰ বিষয়ত অধিক গুৰুত্ব আৰােপ কৰিবলৈ আহ্বান জনাইছে হু’ৰ মুৰব্বী টেড্র’ছ এধানম ঘেব্রিয়াছাছে। সম্প্রতি ঘেব্রিয়াছাছে মন্তব্য কৰিছে যে ডেল্টাই হৈছে এই পর্যন্ত কৰ’না ভাইৰাছৰ সবাতােকৈ সংক্রামক প্রজাতি।

যি সমূহ স্থানত টিকাকৰণৰ হাৰ কম, সেই স্থানতে এই প্রজাতিৰ কৰ’না ভাইৰাছ দ্রুতগতিৰে বৃদ্ধি পাইছে।

Exit mobile version