নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী, অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা জিলা প্ৰশাসনৰ লগত পৰ্য্যালোচনা বৈঠক

WhatsApp Image 2021 07 03 at 6.21.33 PM 1

আজি নগাঁও জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভা-কক্ষত নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই জিলাখনৰ উপায়ুক্ত কবিতা পদ্মনাভন, আই. এ.এছ, আৰু আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, আই. পি.এছ কে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া সমূহৰ লগত এক পৰ্য্যালোচনা সভাত মিলিত হয়।

মন্ত্ৰী গৰাকীয়ে সভাৰ প্ৰথমতে জিলাখনৰ বৰ্তমান ক’ভিড পৰিস্থিতিৰ বুজ লয়। ক’ভিড ভেকচিন প্ৰদানৰ লগতে ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ বিশেষকৈ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা ৰেড জ’ন সমূহত ক’ভিডৰ পৰীক্ষা তীব্রতৰ কৰি তুলিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে আৰু প্ৰয়োজন সাপেক্ষে অধিক ক’ভিড আক্ৰান্ত অঞ্চল সমূহত আইন-শৃংখলাৰ ক্ষেত্ৰত কঠোৰ হ’বলৈ জিলা আৰক্ষী অধীক্ষক গৰাকীক নিৰ্দেশ প্ৰদান কৰে।

জিলাখনৰ অধিক ক’ভিড আক্ৰান্ত ৰোগী থকা অঞ্চল ৰহাত ক’ভিড পৰীক্ষা আৰু ক্ষিপ্ৰতৰ কৰিবলৈ মন্ত্ৰী গৰাকীয়ে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক নিৰ্দেশ দিয়ে। লগতে তেওঁ নিজে এই ব্যৱস্থাৰ নিৰীক্ষণ কৰিব বুলি উল্লেখ কৰে ।

ইয়াৰ লগতে আজিৰ এই পৰ্য্যালোচনা সভাত মন্ত্ৰী গৰাকীয়ে জিলাখনত চলি থকা জল জীৱন মিছনৰ প্ৰকল্প সমূহৰ কামৰ অগ্ৰগতিৰ বুজ লয় । লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া সকলক তেওঁলোকৰ ক্ষেত্ৰ সমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে।

আজিৰ এই পৰ্য্যালোচনা সভাত নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, জিলাখনৰ অভিভাৱক সচিব ৰাজেশ প্ৰসাদ, আই. এ. এছ. কে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।

Exit mobile version