চিকিৎসকসকলক ‘ভাৰত ৰত্ন’ প্ৰদানৰ দাবী মুখ্যমন্ত্ৰী কেজৰিৱালৰ

punjab arvind kejriwal promises 300 free electricity units 24 hour power supply if aap wins polls

এইবাৰ ‘ভাৰত ৰত্ন’ চিকিৎসকসকলকে দিয়া উচিত, মত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ । এক টুইটযুগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কেৱল চিকিৎসকে নহয়, চিকিৎসকৰ্মী লগতে সকলো স্বাস্থ্যকৰ্মীকে এই সন্মান জনাই তেওঁলোকৰ প্ৰতি দেশৰ শ্ৰেষ্ঠ সন্মান উৎসৰ্গা কৰা উচিত । তেওঁ টুইটত লিখে, ‘কৰ’নাত ছহিদ চিকিৎসকসকলৰ প্ৰতি এইটোৱে দেশৰ তৰফৰ পৰা যথাৰ্থ শ্ৰদ্ধা ।’

দেওবাৰে বিয়লি ১১ বজাত এই টুইট কৰে মুখ্যমন্ত্ৰী কেজৰিৱালে । তেওঁ লিখে, ‘এই বছৰ ‘ভাৰতীয় চিকিৎসকসকলেই’ ভাৰত ৰত্ন লাভ কৰা উচিত । ‘ভাৰতীয় চিকিৎসক’ বুলি কিন্তু ম‌ই সকলো চিকিৎসক, নাৰ্ছ আৰু চিকিৎসাকৰ্মীৰ কথা কৈছো ।’

তিনিদিন পূৰ্বে এক জুলাইত চিকিৎসক দিৱস উপলক্ষে চিকিৎসকসকলৰ আত্মত্যাগৰ প্ৰশংসা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁ কৈছিল, ‘এজন দেশবাসীৰ প্ৰাণ যোৱা দুখজনক । কিন্তু ভাৰতে বহু প্ৰাণ ৰক্ষা কৰিব‌ও পাৰিছে । যাৰ সম্পূৰ্ণ কৃতিত্ব চিকিৎসকসকলৰ । কৃতিত্ব প্ৰথম শাৰীত কাম কৰা স্বাস্থ্যকৰ্মী, চিকিৎসাকৰ্মীসকলৰো ।’

আজি মুখ্যমন্ত্ৰী কেজৰিৱালে তেওঁৰ টুইটত লিখে, চিকিৎসকসকলক সন্মান জনাই ভাৰত ৰত্ন প্ৰদান কৰিলে সমগ্ৰ দেশে সুখী হ’ব । তদুপৰি, নিজৰ আৰু পৰিয়ালৰ চিন্তা নকৰি চিকিৎসা কৰি যোৱা চিকিৎসকসকল বা চিকিৎসা কৰি ছহিদ হোৱা সকলৰ প্ৰতি দেশৰ যথাৰ্থ শ্ৰদ্ধা হ’ব এই সন্মান ।’

কৰ’নাৰ দ্বিতীয় ঢৌত এই পৰ্যন্ত আঠশজন চিকিৎসকৰ মৃত্যু হৈছে বুলি জনাইছে, ভাৰতীয় মেডিকেল এছ’চিয়েছনে (আইএম‌এ) । সৰ্বাধিক প্ৰাণ হেৰুৱাইছে দিল্লীতে । দিল্লীত ১২৮ জন চিকিৎসকে ক’ভিড চিকিৎসা কৰি থাকোতে সংক্ৰমিত হৈ প্ৰাণ হেৰুৱাইছে । ইয়াৰ পাছতেই দ্বিতীয় স্থানত আছে বিহাৰ । ইয়াত ১১৫জন চিকিৎসক ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ।

ইয়াৰ উপৰি মহাৰাষ্ট্ৰ আৰু কেৰালাত মৃত চিকিৎসকসকলৰ সংখ্যা যথাক্ৰমে ২৩ আৰু ২৪ জন । পুদুচেৰী এই পৰ্যন্ত নিৰাপদ হৈ আছে । ইয়াত ক’ভিড সংক্ৰমণৰ ফলত এজন চিকিৎসকৰ মৃত্যু হৈছে ।

Exit mobile version