ছয় কোটি নাগৰিকেহে পালে প্রতিষেধকৰ দুয়ােটা পালি

covid19cocktail 1624414486

দেশত টিকাকৰণৰ লক্ষ্যপূৰণৰ সন্দৰ্ভত সম্প্রতি বিৰাট প্রত্যাহ্বানৰ সন্মুখীন হৈছে নৰেন্দ্র মােদী চৰকাৰ। প্রতিশ্রুতি পূৰণৰ নির্দিষ্ট সময়সীমালৈ হাতত আৰু বেছি দিন নথকা বাবেই কেন্দ্ৰৰ বাবে এনে প্রত্যাহ্বান সৃষ্টি হৈছে।

উল্লেখ্য যে ব্যাপক সমালােচনাৰ মুখত পৰি শেষত কেন্দ্রই টিকাকৰণৰ দায়িত্ব নিজৰ হাতত তুলি লৈছিল। তৎসত্ত্বেও প্রতিষেধকৰ যােগানত ব্যাঘাত জন্মাৰ অনেক অভিযােগ উঠিছিল।

অৱশ্যে কেন্দ্রই দাবী কৰি আহিছে যে ৩১ ডিচেম্বৰৰ ভিতৰত দেশৰ সকলাে প্রাপ্তবয়স্ক নাগৰিকৰ টিকাকৰণ সম্পূর্ণ হ’ব। অৱশ্যে এই লক্ষ্যপূৰণক কেন্দ্ৰ কৰি বিভিন্ন পক্ষই সন্দেহ প্রকাশ কৰিছে।

এই পর্যন্ত টিকাকৰণৰ পৰিসংখ্যা দেখিয়েই এই বিষয়ত বিভিন্ন মহলে প্রশ্ন উত্থাপন কৰিছে। অৱশ্যে আন এটা মহলে দাবী কৰিছে যে সেয়া একেবাৰে অসম্ভৱ কার্যও নহয়।

অতিমাৰী ৰােধৰ বাবে কেন্দ্রই এই বছৰতে প্রাপ্তবয়স্কসকলৰ টিকাকৰণ সম্পূর্ণ কৰাৰ লক্ষ্য বান্ধি লৈছে। সম্প্রতি উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি কেন্দ্ৰই জনাইছে যে দেশৰ প্রাপ্তবয়স্ক জনসংখ্যা প্রায় ৯৪ কোটি।

এই বছৰৰ ভিতৰতে সকলােৰে টিকাকৰণ সম্পূর্ণ হ’ব। বিগত সাত দিনত দেশৰ টিকাকৰণৰ সংখ্যা ৪০ লাখৰ আশে-পাশে আছে। ইয়াৰ ফলতে সামগ্রিক টিকাকৰণৰ লক্ষ্যপূৰণ সম্ভৱ হােৱাৰ ক্ষেত্ৰত সংশয়ে দেখা দিছে।

উল্লেখ্য যে দেশৰ টিকাকৰণৰ যাৱতীয় তথ্য প্রতিদিনে কো-উইন এপত নথিভুক্ত কৰা হয়। শনিবাৰে বিয়লি ৩-৩০ বজা পর্যন্ত লাভ কৰা তথ্যত দেখা গৈছে। যে এই পর্যন্ত মুঠ প্রাপ্তবয়স্ক জনসংখ্যাৰ ভিতৰত এতিয়ালৈকে মাত্র ছয় কোটি ১৫ লাখ ৭৫ হেজাৰ ৭৩৮জন লােকৰ প্রতিষেধক প্রদানহে সম্পূর্ণ হৈছে।

অর্থাৎ এইসকলে লাভ কৰিছে প্রতিষেধকৰ দুয়ােটা পালি। আনহাতে, এপালিকৈ প্রতিষেধক লাভ কৰিছে ২৮ কোটি ১১ লাখ ৫২ হেজাৰ ৪০৩জন লােকে। সেই নিৰিখত এপালিকৈ প্রতিষেধক পােৱা লােকসকলকো দ্বিতীয়টো পালি দিব লাগিব।

আনহাতে, দেশৰ ৫৯ কোটি ৭২ লাখ ৭১ হেজাৰ ৮৫৯জন প্রাপ্তবয়স্ক নাগৰিকে এই পর্যন্ত প্রতিষেধকৰ এটা পালিও লাভ কৰা নাই। তেওঁলােকৰ টিকাকৰণ সম্পূর্ণ হােৱাৰ বাবে ৩১ ডিচেম্বৰ পর্যন্ত চৰকাৰৰ হাতত মাত্র ১৮১ দিনৰ সময় আছে।

এতিয়ালৈকে এপালিও প্রতিষেধক নােপােৱা ৫৯ কোটি ৭২ লাখ ৭১ হেজাৰ ৮৫৯জন লােকক এপালিকৈ প্রতিষেধক দিয়াৰ বাবে কেন্দ্রই দৈনিক ৩৩ লাখকৈ প্রতিষেধক দিব লাগিব। আনহাতে, যিসকলে এটাকৈ পালি পাইছে বা এটাও পালি পােৱা নাই, তেওঁলােকৰ টিকাকৰণ সম্পূর্ণ কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে দৈনিক ৮১ লাখ ৫৩ হেজাৰটা প্রতিষেধক দিব লাগিব।

অথচ প্রতিষেধকৰ যােগানত ব্যাপক ঘাটি থকা বুলিয়ে অভিযােগ আছে। স্বাস্থ্য বিশেষজ্ঞসকলে আশংকা কৰিছে যে সেয়া পূৰণ কৰাটো সম্ভৱ নহ’লে সন্মুখত ডাঙৰ বিপদ আহি পৰিব।

অৱশ্যে যােৱা ২২ জুনত ২৪ ঘণ্টাৰ ভিতৰত দেশৰ ৮৬ লাখৰ অধিক লােকে প্রতিষেধক লাভ কৰিছিল। এই গতি যদি ধৰি ৰাখিব পৰা যায়, তেনেহলে লক্ষ্যপূৰণ অসম্ভৱ নহয় বুলিয়ে বিশেষজ্ঞসকলে মত প্রকাশ কৰিছে। সেই ক্ষেত্ৰত প্রতিষেধকৰ যােগান বৃদ্ধিৰ গত্যন্তৰ নাই বুলিও তেওঁলােক মত প্ৰকাশ কৰিছে।

Exit mobile version