নৱেম্বৰত আৰম্ভ হ’ব ৰঞ্জি ট্ৰফি

photo 1

অৱশেষত স্বস্তিৰ নিশ্বাস ল’লে ৰাজ্য স্তৰৰ ক্ৰিকেট খেলুৱৈসকলে । এইবাৰ নৱেম্বৰত ৰঞ্জি ট্ৰফি আয়োজন কৰিব ভাৰতীয় ব’ৰ্ডে । বিগত বৰ্ষত কৰ’না অতিমাৰীৰ ফলত ঐতিহ্যমণ্ডিত এই প্ৰতিযোগিতা স্থগিত কৰাত সমস্যাত পৰিছিল ৰাজ্য স্তৰৰ ক্ৰিকেট খেলুৱৈসকল ।

১৬ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব এইবাৰৰ প্ৰতিযোগিতা । লগতে বয়সভিত্তিক প্ৰতিযোগিতাও আয়োজন কৰিব ভাৰতীয় ব’ৰ্ডে । পুৰুষৰ ঘৰুৱা ক্ৰিকেট আৰম্ভ হ’ব ২০ অক্টোবৰৰ পৰা । ছৈয়দ মুস্তাক আলি টি-টুৱেণ্টি ট্ৰফিৰ বাবে ।

ৰঞ্জি ট্ৰফি সমাপ‌ত হোৱাৰ পাছত বিজয় হজাৰে ট্ৰফি আয়োজন কৰা হ’ব । ভাৰতীয় ব’ৰ্ডৰ সচিব জয় শ্বাহে শনিবাৰে জনায়, ‘ঘৰুৱা ক্ৰিকেট ছিজন আৰম্ভ হ’ব মহিলাৰ ৱান ডে প্ৰতিযোগিতাৰে । ইয়াৰ পাছত আমি মহিলাৰ চেলেঞ্জাৰ ট্ৰফি আয়োজন কৰিম । পুৰুষৰ ঘৰুৱা ক্ৰিকেট আৰম্ভ হ’ব ছৈয়দ মুস্তাক আলি ট্ৰফিৰে ।’ লগতে কয়, ‘ৰঞ্জি ট্ৰফিও আয়োজন কৰা হ’ব । ১৬ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা । তিনিমাহ পৰ্যন্ত অব্যাহত থাকিব ।’

ৰঞ্জি ট্ৰফিত এইবাৰ মুঠ দুটা এলিট গ্ৰুপত ন টাকৈ দল থাকিব । জ্যেষ্ঠসকলৰ প্ৰতিযোগিতাৰ অন্ত পৰিলে অনুৰ্ধ্ব-১৯ কোচবিহাৰ ট্ৰফি আৰম্ভ হ’ব । এইবাৰ ইৰাণী কাপ, দেওধৰ ট্ৰফি আৰু দিলীপ ট্ৰফি আয়োজন কৰিব পৰা নাই ব’ৰ্ডে ।

Exit mobile version