ফৰাচী ন্যায়াধীশে তদন্ত কৰিব বিতৰ্কিত ৰাফেল বিমান ক্ৰয় চুক্তি

rafale 1200 2

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ পৰা বৰ্তমানৰ বিজেপি চৰকাৰলৈ প্ৰতিৰক্ষা ক্ষেত্ৰত বিতৰ্ক-চৰ্চাৰ কেন্দ্ৰবিন্দুত থকা ৰাফেল যুঁজাৰু বিমান ক্ৰয় কাণ্ড‌ই নতুন পাক লৈছে । ২০১৬ৰ বহু বিলিয়ন ডলাৰৰ বিনিময়ত ভাৰত চৰকাৰৰ ৰাফেল ক্ৰয়ৰ তদন্তৰ দায়িত্ব এইবাৰ এজন ফৰাচী ন্যায়াধীশক অৰ্পণ কৰা হৈছে । বিতৰ্কিত ৰাফেল যুদ্ধ বিমান চুক্তিক কেন্দ্ৰ কৰি উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰিব ফ্ৰান্সে ।

ফ্ৰান্সৰ ৰাষ্ট্ৰীয় বিত্তীয় অপৰাধ বিচাৰ সম্পৰ্কীয় কাৰ্যালয়ে (পি এন এফ) এই কথা সদৰী কৰি কয় যে ভাৰতলৈ ২০১৬ত বিক্ৰী কৰা বিতৰ্কিত বহু বিলিয়ন মূল্যৰ ৰাফেল যুঁজাৰু বিমান ক্ৰয় চুক্তিত দুৰ্নীতি সংঘটিত হোৱাৰ সন্দেহৰ তদন্ত কৰা হ’ব । এই বিমানক লৈ ভাৰত চৰকাৰ আৰু ফৰাচী বিমান নিৰ্মাতা কোম্পানী ডাছাওৰ মাজত ৩৬খন যুঁজাৰু বিমানৰ বিনিময়ত ৭.৮ বিলিয়ন ইউৰ’ (৯.৩ বিলিয়ন মাৰ্কিন ডলাৰ)ৰ লেনদেন হৈছিল ।

দীৰ্ঘদিন এই ক্ৰয়-বিক্ৰয়ক লৈ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে । পি এন এফে আৰম্ভণিতে এই বিক্ৰীৰ তদন্ত কৰিবলৈ অস্বীকাৰ কৰিছিল । তথ্য প্ৰমাণৰ অভাৱৰ অজুহাত দেখুৱাই ২০১৮ত ৰাফেল চুক্তিক লৈ তদন্তৰ দাবী খাৰিজ কৰিছিল পি এন এফে । অতি সম্প্ৰতি এটা ফৰাচী সংবাদ মাধ্যমে ডাছাও এভিয়েছনৰ বিৰুদ্ধে চুক্তিৰ মধ্যস্থতাকাৰীক ১০ লাখ ইউৰ’ যাৰ ভাৰতীয় মূল্য হ’ব ন কোটি টকাৰ উপহাৰ দিয়াৰ অভিযোগ উত্থাপন কৰিছিল । এই সম্পৰ্কীয় কিছু নথিপত্ৰ‌ও দাখিল কৰিছিল । দুৰ্নীতি বিৰোধী কাৰ্যকলাপত জড়িত এটা স্বেচ্ছাসেৱী সংস্থাই ইয়াৰ পাছত পি এন এফক ৰাফেল চুক্তিক লৈ তদন্তৰ দাবী জনায় । ইয়াৰ ভিত্তিতে তদন্তৰ সিদ্ধান্ত লৈছে ফ্ৰান্স চৰকাৰে ।

ফৰাচী তদন্তকাৰীৰ ৱেবছাইট মিডিয়া পাৰ্টে যোৱা এপ্ৰিলত দাবী কৰা অনুসৰি গোপন কমিছনৰ বিনিময়ত বহু কোটি ইউৰ’ৰ লেনদেন হৈছিল, যাৰ বাবে ছাডাওৱে বিক্ৰী সম্পন্ন কৰাৰ সন্মতি লাভ কৰে । ইয়াৰে ভিতৰত কিছু অংশ উৎকোচৰূপে ভাৰতীয় বিষয়ববীয়াই লাভ কৰিব পাৰে বুলি মিডিয়া পাৰ্টে দাবী কৰে । এই প্ৰতিবেদনৰ পাছতে ফ্ৰান্সৰ ছেৰপা নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে অন্যান্য অভিযোগৰ লগতে দুৰ্নীতি আৰু অশুভ প্ৰভাৱ বিস্তাৰ কৰাৰ অভিযোগত এক আনুষ্ঠানিক গোচৰ ৰুজু কৰাত সম্প্ৰতি ন্যায়াধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হয় ।

উল্লেখ্য যে ছেৰপা নামৰ এই সংগঠনটো বিত্তীয় অপৰাধ ৰোধৰ বিৰুদ্ধে কাম কৰি আছে । ২০১৮ত ৰাফেল চুক্তিৰ তদন্তৰ বাবে ছেৰপাৰ অনুৰোধ পি এন এফে অগ্ৰাহ্য কৰিছিল । ইপিনে, বিক্ৰেতা ডাছাওৱে দোহাৰে যে এই গোষ্ঠীটোৰ বিত্তীয় প্ৰতিবেদনত কোনো ধৰণৰ দুৰ্নীতি প্ৰতিফলিত হোৱা নাই ।

ছেৰপাই দাখিল কৰা এই প্ৰথম অভিযোগত ছাডাওৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ উদ্যোগী অনিল অম্বানীৰ ৰিলায়েন্স গোষ্ঠীক ভাৰতীয় অংশীদাৰৰূপে বাছনি কৰাক লৈও সমালোচনা কৰে । ২০২১ত ভাৰতলৈ ১২৬খন যুঁজাৰু বিমানৰ বাবে প্ৰথমতে ডাছাওৱে ঠিকা লাভ কৰিছিল আৰু ভাৰতীয় বিমান নিৰ্মাতা কোম্পানী হিন্দুস্তান এৰ’নটিক্স লিমিটেড (হল)ৰ স’তে আলোচনা কৰিছিল ।

ডাছাওৰ মতে, ২০১৫ৰ মাৰ্চত এই আলোচনা সিদ্ধান্তত উপনীত হয় । সেই বছৰৰ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সলৈ চৰকাৰী কাৰ্যসূচীত যোৱৰ পাছত হঠাতে সকলোকে হতভম্ব কৰি এই আলোচনা ভংগ হৈ পৰে । হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ পৰিৱৰ্তে এই ক্ষেত্ৰত অভিজ্ঞতা শূন্য ৰিলায়েন্স গোষ্ঠীক ঠিকা দিয়া হয় । পূৰ্বৰ আলোচনা ভংগ‌ কৰি নতুনকৈ ৩৬খন বিমান ক্ৰ‌য়ৰ বাবে চুক্তি সম্পন্ন কৰা হয় ।

২০১৬ৰ জানুৱাৰীত আলোচনাকালীন ৰিলায়েন্সে ফ্ৰান্সৰ তদানীন্তন ৰাষ্ট্ৰপতি ফ্ৰাচোৱা অলাণ্ডৰ বান্ধৱী জুলি গেৰ সহ প্ৰযোজনাৰ এখন ছবিৰ বিত্তীয় ব্যৱস্থাপনা কৰিছিল । ফৰাচী স্বেচ্ছাসেৱী সংস্থা ছেৰপাই ইয়াৰ দ্বাৰা প্ৰভাৱ খটোৱা হৈছিল বুলি কয় । অৱশ্যে অলাণ্ডৰ মতে ডাছাওৰ ভাৰতীয় অংশীদাৰ কোন হ’ব সেই সম্পৰ্কত ফ্ৰান্সৰ ক’বলগীয়া নাই । আন এখন ফৰাচী বাতৰি কাকতে প্ৰকাশ কৰা মতে ২০১৫ত ফ্ৰান্সে ৰিলায়েন্সৰ এখন ফৰাচী প্ৰতিষ্ঠানক লক্ষ্য কৰি ১৪৩.৭ নিযুত ইউৰ’ কৰ বাতিল কৰে । সেই সময়ত চুক্তি সম্পৰ্কে আলোচনা চলি আছিল ।

প্ৰসংগত ২০১৬ৰ মোদী কাৰ্যকালত ভাৰত-ফ্ৰান্সৰ মাজত ৫৯ হেজাৰ কোটি টকাৰ বিনিময়ত ৩৬খন ৰাফেল যুঁজাৰু বিমান ক্ৰয়ৰ চুক্তি কৰিছিল ভাৰতে । সেই সময়ত ফৰাচী ৰাষ্ট্ৰপতি আছিল অলাণ্ড । ফৰাচী সংবাদ মাধ্যমত বাতৰিৰ দাবী অনুসৰি ইয়াৰ কিছুদিন পাছতে ৰাষ্ট্ৰখনৰ দুৰ্নীতি প্ৰতিৰোধ সংস্থাৰ তদন্তত মধ্যস্থতাকাৰীক উপহাৰ দিয়াৰ তথ্য প্ৰমাণ উদ্ধাৰ হৈছিল । তদন্তকাৰীক সেই সময়ত ডাছাও কৰ্তৃপক্ষই জনাইছিল যে উপহাৰ হিচাপে ৰাফেল যুদ্ধ বিমানৰ ৫০খন ক্ষুদ্ৰ স্মাৰক প্ৰেৰণৰ বাবে পাঁচ লাখ ইউৰ’ ব্যয় হৈছিল । প্ৰতিখন এনে স্মাৰকৰ বাবে ২০ হেজাৰ ইউৰ’ ব্যয় কৰা বুলি ক’লেও ইয়াৰ প্ৰস্তুত আৰু বিতৰণৰ কোনো প্ৰমাণ দিব নোৱাৰিলে যুঁজাৰু বিমান নিৰ্মাতা সংস্থাটোৱে ।

মনকৰিবলগীয়া যে, ২০২০ৰ ছেপ্টেম্বৰত ৰাফেল চুক্তিক লৈ প্ৰশ্ন উত্থাপন হৈছিল দেশৰ মহাগাণনিক (কেগ)এ । সাংসদত কেগৰ দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ স’তে চৰ্ত অনুযায়ী ফৰাচী সংস্থা ডাছাও চুক্তি মূল্যৰ ৫০ শতাংশ প্ৰকল্প বা কামৰ ঠিকা ভাৰতীয় কোনো সংস্থাক দিয়া হ’ব আৰু প্ৰযুক্তিগত সাহায্য কৰা হ’ব ।

ইপিনে, আজি কংগ্ৰেছে ৰাফেল চুক্তিৰ যুটীয়া সাংসদীয় কমিটীৰ তদন্তৰ দাবী জনায় । ইয়াৰ দ্বাৰাহে সত্য উন্মোচিত হ’ব বুলি কংগ্ৰেছে দাবী কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ক্ষেত্ৰত আগুৱাই আহি তদন্তৰ নিৰ্দেশ দিব লাগে বুলি কয় । কংগ্ৰেছৰ মুখপাত্ৰ ৰণদ্বীপ সূৰ্যেৱালাই সংবাদমেলত এই কথা উল্লেখ কৰি কয় যে বিষয়টো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স’তে যিহেতু জড়িত সেয়েহে স।বতন্ত্ৰ সংস্থাৰ দ্বাৰা তদন্ত কৰাটো প্ৰয়োজনীয় । তেওঁ কয় যে ফৰাচী চৰকাৰে এই চুক্তিত দুৰ্নীতি হৈছে বুলি যিহেতু গ্ৰহণ কৰিছে সেয়েহে ভাৰততো যৌথ সংসদীয় সমিতিৰ তদন্ত হ’ব লাগে ।

Exit mobile version