শালবাৰী মহকুমাৰ বৃহত্তৰ অঞ্চলৰ ভিন্ন সমস্যা পৰিদৰ্শন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম‌ৰ

"মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যৰ সকলো খণ্ডতে উন্নয়নৰ নতুন ধাৰাৰ পৰিকল্পনা কৰা হৈছে"

“সাম্প্ৰতিক সময়ৰ পৰিস্থিতি অনুযায়ী অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ স্বাস্থ্য খণ্ডত যিদৰে নতুন ধাৰাৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে , তেনেদৰে সমগ্ৰ অসমত মুখ্যমন্ত্ৰীৰ নেতৃত্বত সকলো খণ্ডতে উন্নয়নৰ বাবে নতুন ধাৰা পৰিকল্পনা কৰিছে। “

এই মন্তব্য অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ । আজি ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত বিটিচিৰ বাকসা জিলা এলেকাধীন বৃহত্তৰ শালবাৰী সমষ্টিৰ ভিন্ন এলেকা পৰিদৰ্শনেৰে অঞ্চলটোত থকা একাধিক সমস্যা প্ৰত্যক্ষ কৰি সমস্যাবোৰৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে মন্ত্ৰী ব্ৰহ্মই।

উল্লেখ্য যে বাকসা জিলাৰ অভিভাৱক মন্ত্ৰী ব্ৰহ্ম‌ই সংবাদ মাধ্যমৰ আগত পুনৰ কয় যে , ” আগন্তুক পাঁচটা বছৰৰ ভিতৰত বাকসা জিলাৰ মৌলিক সমস্যাবোৰ দূৰ হʼব লাগে ।

আমি আশাবাদী বাকসা জিলাত থকা বিভিন্ন সমস্যাবোৰ অহা পাঁচ বছৰত দূৰ কৰিবলৈ সক্ষম হ’ম । এই ক্ষেত্ৰত সম্পূৰ্ণ দায়বদ্ধতাৰে সকলো স্তৰৰ জনতাক লগত লৈ উন্নয়নৰ হকে কাম কৰি যাব লাগিব ।”

হস্ততাত-বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে বিভাগদুটাৰ জৰিয়তে অসমৰ জনজীৱনৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত একাধিক পৰিকল্পনা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে । উল্লেখ্য যে, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম‌ই আজি শালবাৰী মহকুমাহ কেন্দ্ৰ, শালবাৰী মহকুমাহ সদৰস্থিত শালবাৰী আদৰ্শ চিকিৎসালয়, বাৰেংগাবাৰী চিকিৎসালয়, সাউদৰভিঠা চিকিৎসালয় পৰিদৰ্শন কৰি তাত থকা আন্তঃগাথঁনিৰ সমস্যাৰ লগতে অন্যান্য সমস্যাবোৰৰ বুজ লয় ।

তদুপৰি শালবাৰী মহকুমাধিপতিৰ কাৰ্যালয়, শালবাৰী মহাবিদ্যালয়, শালবাৰীস্থিত হস্ততাত-বস্ত্ৰ শিল্পৰ অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ আন্তঃগাথঁনিৰ সমস্যাকে ধৰি অন্যান্য সমস্যাবোৰ প্ৰত্যক্ষ কৰে । ইয়াৰ উপৰিও মন্ত্ৰী ব্ৰহ্ম‌ই ভৌকামাৰীস্থিত পল্লা নদীৰ ওপৰত পকী দলঙৰ নিৰ্মাণকাৰ্য স্থবিৰ হৈ থকা সমস্যা, সাকোগুৰি – ৰূপাফুলিত পল্লা নদীৰ ওপৰত পকী দলঙৰ নিৰ্মাণকাৰ্যৰ স্থবিৰ হৈ থকা সমস্যা, সৰুপেটা – গোসাইভিঠা পথৰ নিৰ্মাণকাৰ্য স্থবিৰ হৈ থকা সমস্যা পৰিদৰ্শন তথা প্ৰত্যক্ষ কৰে ।

একেদৰে ভৱানীপুৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথৰ দুৰৱস্থা, শালবাৰীৰ পৰা গাতি – বাহবাৰীলৈ যোৱা পথৰ বিধ্বস্ততা, বৰটাৰী অঞ্চলৰ পল্লা নদীৰ খহনীয়াৰ সমস্যা পৰিদৰ্শন কৰে মন্ত্ৰী ব্ৰহ্ম‌ই ।

মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম‌ই বৃহত্তৰ শালবাৰীৰ একাধিক সমস্যা পৃথকে পৃথকে পৰিদৰ্শন কৰি বুজ লোৱাৰ লগতে ৰাইজৰ স’তেও মত বিনিময় কৰে একাধিক স্থানত । দিনযোৰা কাৰ্যক্ৰমণিকাৰে বৃহত্তৰ শালবাৰী অঞ্চলৰ সমস্যাবোৰ পৰিদৰ্শন কৰা সময়চোৱাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মক সংগ দিয়ে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, শালবাৰী সমষ্টিৰ টি চি এল চি চিৰ অধ্যক্ষ বিনোদ মুছাহাৰী, কোকলাবাৰী সমষ্টিৰ প্ৰাক্তন এম চি ল এ অনিপ বসুমতাৰী, যুৱ নেতা – সমাজকৰ্মী সত্যজিৎ বড়ো, দয়াল শৰণীয়া, বিউটি বসুমতাৰীকে ধৰি কেবাগৰাকীও সমাজকৰ্মীয়ে।

আন‌ এক উল্লেখ্য যে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰিত্ব লাভ কৰাৰ পাছত উৰ্খাও গৌৰা ব্ৰহ্ম‌ই আজি প্ৰথমবাৰৰ বাবে শালবাৰীত পদাৰ্পন কৰাৰ লগে লগে প্ৰায় অৰ্ধ শতাধিক দল – সংগঠনে উষ্ম সম্বৰ্ধনা জনায় মন্ত্ৰী গৰাকীক।

Exit mobile version