ৰন্ধন গেছৰ চিলিণ্ডাৰত তিনিশ টকা ৰেহাই !

2020 2img12 Feb 2020 PTI2 12 2020 000158B 768x514 1

যােৱা পহিলা জুলাইৰ পৰা দেশজুৰি দাম বাঢ়িছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ। জুনৰ তুলনাত দাম বৃদ্ধি পাইছে ২৫.৫০ টকা। পিছে দাম বৃদ্ধি পালেও তাৰ মাজতে আছে ৰন্ধন গেছৰ গ্ৰাহকসকলৰ বাবে বিশেষ এক সুখবৰ।

ৰন্ধন গেছৰ দাম অনলাইনযােগে পৰিশােধ কৰা ক্রেতাই এইবাৰ লাভ কৰিব বিশেষ ৰেহাই। এই ৰেহাই আগবঢ়াইছে পেটিএম নামৰ ডিজিটেল পেমেন্ট সংস্থাটোৱে। বিদ্যুতৰ বিলৰ পৰা আৰম্ভ কৰি ম’বাইল ৰিচার্জ, অনলাইন শপিঙলৈ বিভিন্ন ক্ষেত্ৰত আজিকালি সময়ে সময়ে বিভিন্ন অফাৰ চলি থকা দেখা যায় যদিও ৰন্ধন গেছৰ ক্ষেত্ৰত এনে সুবিধা প্রায় নগণ্য বুলিব পাৰি।

কৰ’না কালত প্রায় সকলাে ধৰণৰ লেন-দেনৰ কামত ডিজিটেল প্লেটফর্মসমূহৰ ব্যৱহাৰ বেছি হােৱালৈ লক্ষ্য ৰাখি এইবাৰ ৰন্ধন গেছৰ বুকিঙতাে মােটা অংকৰ ৰেহাই কৰিছে পেটিএমে। পেটিএমৰ মাধ্যমেদি এল পি জি চিলিণ্ডাৰ বুকিং কৰা গ্রাহকে তিনিশ টকা পর্যন্ত কেছবেক লাভৰ বিশেষ সুবিধা পাব।

অৱশ্যে এই অফাৰ কেৱল পেটিএমৰ নতুন গ্রাহকসকলৰ বাবেহে উপলব্ধ হ’ব। আনহাতে, এনে গ্রাহকসকলে কেৱল প্ৰথমটো চিলিণ্ডাৰৰ ক্ষেত্ৰতেই নহয়, পৰৱর্তী তিনিটা চিলিণ্ডাৰ ক্ৰয় কৰাৰ সময়তাে বিশেষ ৰেহাই লাভ কৰিব পেটিএমৰ পৰা।

বজাৰত বয়-বস্তুৰ আকাশলংঘী মূল্যৰ মাজতে পেটিএমৰ এই ঘােষণাই কিছু হলেও আশ্বস্ত কৰিছে সাধাৰণ গ্রাহকক।

Exit mobile version