আইপিএল-ৰ ভৱিষ্যত পৰিকল্পনা প্ৰকাশ কৰিলে বিচিচিআই-য়ে, জানক কি কি পৰিৱৰ্তন হ’ব

ipl final 1

পৰৱৰ্তী আইপিএলৰ ব্লুপ্ৰিণ্ট প্ৰকাশ কৰিলে বিচিচিআই-য়ে । দুটা নতুন দলৰ অন্তৰ্ভুক্তি, ক্ৰিকেটাৰসকলক ধৰি ৰখা, বৃহৎ পৰিমাণৰ নিলাম, বেতনবৃদ্ধিসহ একাধিক বিষয় লৈ পৰিকল্পনা কৰা হৈছে ।

আইপিএলত অন্তৰ্ভুক্ত হ’বলগীয়া দুটা দলৰ টেণ্ডাৰ আগষ্টত প্ৰকাশ কৰিব বিচিচিআই-য়ে । অক্টোবৰৰ মাজভাগত ৰিডিঙৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । আমিৰশ্বাহিত আইপিএল-ৰ দ্বিতীয় পৰ্যায় অনুষ্ঠিত হ’ব ।

তথ্য অনুসৰি, দুটা নতুন দলক অন্তৰ্ভুক্ত কৰিবলৈ আগ্ৰহী চাৰিটা সংস্থাৰ ভিতৰত কলকাতাৰ এটা সংস্থা‌ও আছে ।

প্ৰতিটো দলৰ বেতনৰ পৰিমাণ ৮৫ কোটিৰ পৰা বৃদ্ধি কৰি ৯০ কোটি কৰিব পাৰে । প্ৰতিটো ফ্ৰেঞ্চাইজিয়ে মুঠ অৰ্থৰ প্ৰায় ৭৫ শতাংশ ব্যয় কৰিব‌ই লাগিব । আগন্তুক তিনি বছৰত এই বেতনৰ পৰিমাণ ৯০ৰ পৰা ৯৫ শতাংশ আৰু পৰৱৰ্তী সময়ত এশ কোটি কৰা হ’ব ।

প্ৰতিটো দলে সৰ্বাধিক চাৰিজন ক্ৰিকেটাৰ ৰাখিব পাৰিব । কিন্তু তাতেও চৰ্ত আছে । চাৰিজন ক্ৰিকেটাৰৰ ভিতৰত তিনিজন ভাৰতীয়, এজন বিদেশী অথবা দুজন ভাৰতীয়, দুজন বিদেশী – এই সূত্ৰ মানি চলিব লাগিব । নিলামত যোৱাৰ পূৰ্বে তেওঁলোকৰ বেতনো ক’ব লাগিব । সেই বেতনো ঠিৰাং কৰা হৈছে । ধৰি ৰখা ক্ৰিকেটাৰৰ সৰ্বোচ্চ বেতন হ’ব পাৰে ১৫ কোটি টকা ।

ব’ৰ্ডৰ একাংশই ধাৰণা কৰিছে যে, দলবোৰৰ মুঠ টকাৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত বহু শ্ৰেষ্ঠ ক্ৰিকেটাৰেই নিলামত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰে । লগতে, দুটা নতুন দল অন্তৰ্ভুক্ত হোৱাৰ ফলত নতুন প্ৰতিভাৰ প্ৰতিফলন হ’ব পাৰে ।

Exit mobile version