কলগাছিয়াত ব্যাৱসায়ীসকলে দাহ কৰিলে ”দৈনিক গণঅধিকাৰ” বাতৰি কাকত

WhatsApp Image 2021 07 05 at 6.05.47 PM

কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আৱতৰীয়া বানপানী আৰু এজাক বৰষুণতে চিকিৎস্যালয়খনৰ কোঠালীত পানী সোমাল । ক’ভিড-১৯ৰ ভেকচিন ল’বলৈ অহা লোকৰ মাজত হাহাকাৰ । কুম্ভকৰ্ণ নিদ্ৰাত বৰপেটা জিলা প্ৰশাসন । শিৰোনামৰ কেইদিনমান পূৰ্বে বিভিন্ন চেনেল আৰু বাতৰি কাকতত বাতৰি পৰিবেশন হয় ।

বাতৰি পৰিবেশন হোৱাৰ পাছতেই বৰপেটা জিলা প্ৰশাসনে অতি তৎপৰতাৰে চিকিৎসালয়ৰ চাৰিওফালে থকা দোকান-পোহাৰসমূহ উচ্ছেদ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে । কিন্তু সম্প্ৰতি চলি থকা অতিমাৰীৰ ভয়াবহতা আৰু সমাগত ঈদৰ বাবে ব্যৱসায়ী তথা দোকানীসকলে উচ্ছেদ বন্ধ ৰাখিবলৈ প্ৰশাসনক অনুৰোধ কৰাত কিছুদিনৰ বাবে প্ৰশাসনে উচ্ছেদ অভিযান স্থগিত ৰাখিছে ।

এই সন্দৰ্ভত আজি গুৱাহাটীৰ পৰা প্ৰকাশিত ”দৈনিক গণঅধিকাৰ” কাকতত ”কলগাছিয়াত উচ্ছেদৰ নামত চৰকাৰী কৰ্তৃপক্ষৰ ভেঁকো-ভাওনা, সাত লাখ টকা উৎকোচ লৈ উচ্ছেদ বন্ধ কৰাৰ অভিযোগ চক্ৰ বিষয়া দীপাংকৰ কলিতাৰ বিৰুদ্ধে” শীৰ্ষক ভিত্তিহীন বাতৰি পৰিবেশন কৰাত জাঙুৰ খাই উঠিছে কলগাছিয়াৰ ব্যাবসায়ীসকল ।

ব্যৱসায়ী তথা দোকানীসকলে দৈনিক গণ অধিকাৰ বাতৰি কাকতখন দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । পঢ়ুৱৈসকলক কাকতখনক বৰ্জন কৰিবলৈ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে । এই ক্ষেত্ৰত কলগাছিয়াৰ চক্ৰ বিষয়া দীপাংকৰ কলিতাই বাতৰিৰ সত্যতা প্ৰমাণ কৰিবলৈ দৈনিক ”গণ অধিকাৰ” কাকতলৈ প্ৰত্যাহ্বান জনাইছে। অন্যথা মিছা বাতৰি পৰিবেশন কৰাৰ বাবে ক্ষমা খুজাৰ দাবী জনাইছে চক্ৰ বিষয়া কলিতাই ।

Exit mobile version