জিএমচিএইচত নতুন সংযোজন মঙ্গলবাৰে ২০০খন বিচনাৰ অত্যাধুনিক সা-সুবিধাৰ আইচিইউ মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে

উদ্বোধনৰ পূৰ্বে সোমবাৰে পৰিদৰ্শন কৰি আশ্বস্ত স্বাস্থ্যমন্ত্ৰী

da195625 e6d5 470a 8e20 a04e95916c95

ৰাজ্যৰ চিকিৎসা আন্তঃগাঠনিৰ সংবৰ্ধনেৰে কাইলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত সংযোজন ঘটিব অত্যাধুনি সা-সুবিধা সম্বলিত ২০০খন বিচনাযুক্ত এটি নতুন আইচিইউ ব্লক।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙ্গলবাৰে বিয়লি তিনি বজাত আনুষ্ঠানিকভাৱে জিএমচিএইচৰ এই নৱনিৰ্মিত আইচিইউ ব্লক উদ্ধোধন কৰি ৰাইজৰ সেৱাত উচৰ্গা কৰিব।

এই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ স’তে অংগ্ৰহণ কৰিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো। জিএমচিএইচৰ পূৰ্বৰ পাৰ্কিং এলেকাত ২০ কোটি টকা প্ৰকল্প ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা দুমহলীয়া আইচিইউ ব্লকটোৰ প্ৰতিখন বিচনাৰ স’তেই ভেণ্টিলেটৰ, মণিটৰকে ধৰি প্ৰয়োজনীয় সকলো অত্যাধুনিক সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে।

এনে অত্যাধুনিক চিকিৎসা সা-সৰঞ্জাম তথা উপকৰণ সংযোজনৰ বাবদ ১৩.৭১ কোটি টকা ব্যয় হৈছে। ইফালে, উদ্বোধনৰ প্ৰাককালত আজি এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য আৰু জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাক লগত লৈ স্বাস্থ্যমন্ত্ৰী মহন্তই জিএমচিএইচৰ নৱনিৰ্মিত আইচিইউ ব্লকৰ প্ৰতিটো কক্ষ পৰিদৰ্শন কৰি আন্তঃগাঠনিগত দিশসমূহ পৰ্যবেক্ষণ কৰে।

পৰিদৰ্শনৰ অন্তত স্বাস্থ্যমন্ত্ৰী মহন্তই সাংবাদিকৰ আগত প্ৰকাশ কৰে, ‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী সিদ্ধান্তৰ আধাৰত আমাৰ স্বাস্থ্য বিভাগে যথেষ্ট কম দিনৰ ভিতৰতে জিএমচিএইচ চৌহদত এই নতুন আইচিইউ ব্লক নিৰ্মাণ কৰি উলিয়াইছে।

কাইলৈ ২০০খন বিচনাৰ অত্যাধুনিক আইচিইউটো মুকলিৰ লগে লগে জিএমচিএইচৰ চিকিৎসা আন্তঃগাঠনি আৰু অধিক মজবুত হৈ পৰিব। সদ্যহতে ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবেহে এই আইচিইউ ব্লকত ভৰ্তি কৰা হ’ব যদিও ভৱিষ্যতে ক’ভিডৰ পৰিস্থিতি নোহোৱা হ’লে ইয়াক আন ৰোগত আক্ৰান্তসকলৰ চিকিৎসাৰ বাবে আমি ব্যৱহাৰ কৰিব পাৰিম।

ইয়াৰ প্ৰতিখন বিচনাৰ স’তেই অত্যাধুনিক সা-সুবিধা উপলব্ধ কৰা হৈছে। পুৰুষ আৰু মহিলা চিকিৎসক-স্বাস্থ্য কৰ্মীসকলৰ বাবে পৃথক ‘ড’নিং এণ্ড ড’ফিং’ এলেকা থকাৰ লগতে নিশাৰ দায়িত্বত থাকিব লগা চিকিৎসক-চিকিৎসাকৰ্মীৰ বাবে জিৰণী কক্ষৰো ব্যৱস্থা ৰখা হৈছে।

তদুপৰি, এই আইচিইউ চিকিৎসালয়খনৰ স’তে এটা ৮০ হেজাৰ লিটাৰ তৰল চিকিৎসা অক্সিজেন মজুত ৰাখিব পৰাকৈ এটা বৃহৎ অক্সিজেন টেংকিও স্থাপন কৰা হৈছে। ই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ অক্সিজেন টেংকি।’

মন্ত্ৰীগৰাকীয়ে সদৰি কৰে যে নতুন আইচিইউ ব্লক চিকিৎসালয়খন আৰম্ভ কৰাৰ পাছত সদ্যহতে ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ হৈ থকা জিএমচিএইচৰ মূল চৌহদৰ আইচিইউ ব্লককেইটা পুণৰ আগৰ দৰে আন ৰোগীৰ চিকিৎসাৰ বাবে মুকলি কৰি দিয়া হ’ব।

Exit mobile version