ব’লছ’নাৰ’ৰ বিৰুদ্ধে প্ৰতিবাদ

2021 7largeimg 917086613

ব্ৰাজিলত ইতিমধ্যে ক’ভিডত আক্ৰান্ত হৈ পাঁচ লাখ লোকে প্ৰাণ হেৰুৱাইছে । কেইমাহমানৰ পূৰ্বেই ‘কৰ’না পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হোৱা’ৰ অভঅভিযোগত কমিটী গঠন কৰি ৰাষ্ট্ৰপতি জাইৰ’ ব’লছ’নাৰ’ৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে দেশৰ সংসদে । এই তদন্ত শেষ নৌহওঁতেই ক’ভেক্সিন আমদানিক কেন্দ্ৰ কৰি আৰ্থিক প্ৰৱঞ্চনাত তেওঁৰ নাম জড়িত হয় । ফলত ব’লছ’নাৰ’ৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ব্ৰাজিলৰ জনতা । যাৰ প্ৰতিফলন দেখা গ’ল শনিবাৰে । ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ-বাৰ্তাৰ প্লেকাৰ্ড হাতত লৈ পথত প্ৰতিবাদত নামিছে হেজাৰ হেজাৰ বিক্ষোভকাৰী ।

শনিবাৰে ৰিয়’ ডি জেনেৰিঅ’, ছাও পাওল’, বেলেম, ৰেছিফে আৰু মাছিয়’ৰ পথত প্ৰতিবাদ সাব্যস্ত কৰিছিল বিক্ষোভকাৰীসকলে । ক্ষোভ প্ৰকাশ কৰিবলৈ ৰাষ্ট্ৰপতি বিৰোধী প’ষ্টাৰ ব্যৱহাৰ কৰিছিল প্ৰতিবাদকাৰীসকলে । প’ষ্টাৰত লিখা আছিল ‘ৰাষ্ট্ৰপতি গণহত্যাকাৰী’ । কোনো কোনোৱে প’ষ্টাৰৰ জৰিয়তে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইমপিচমেণ্টৰ আহ্বান জনাইছিল । প্ৰতিবাদকাৰীসকলৰ এটাই দাবী – প্ৰতিষেধক অনাৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে ।

কোনোদিনে ব’লছ’নাৰ’ক অতিমাৰী পৰিস্থিতিত মাস্ক পিন্ধা বা সামাজিক দূৰত্ব মানি চলাৰ দৰে বিধিনিষেধ অৱলম্বন কৰা পৰিলক্ষিত হোৱা নাই । দেশৰ জনসাধাৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰিছে বুলি দাবী কৰে বিক্ষোভকাৰীসকলে । প্ৰতিষেধক আমদানিত পলম হোৱাৰ বাবে ইতিমধ্যে পাৰ্লিয়ামেণ্টেৰী কমিটীৰ তদন্ত আৰম্ভ হৈছে । পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধক ক্ৰয় নকৰি হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ দৰে কম কাৰ্যকৰী ঔষধ ক্ৰয় কৰাত আগ্ৰহী হোৱাৰ বাবে প্ৰশ্ন উত্থাপন কৰিছে কমিটীয়ে । ইয়াৰ মাজতেই প্ৰৱঞ্চনা কৰি ক’ভেক্সিনৰ ধন আত্মসাৎ কৰা চক্ৰান্তৰ স’তে ৰাষ্ট্ৰপতিগৰাকী জড়িত হৈ থকাৰ দাবী কৰিছে ব্ৰাজিলবাসীয়ে ।

সম্প্ৰতি অৰ্ধেক মূল্যত ক’ভেক্সিন ক্ৰয় কৰাৰ বিষয়ত প্ৰথম প্ৰশ্ন উঠে স্বাস্থ্য মন্ত্ৰণালয়ৰ চিকিৎসা সৰঞ্জাম আমদানি দফতৰৰ এজন বিষয়া লুই ৰিকাৰ্ডো মিৰাণ্ডাৰ ওপৰত । তেওঁ এই অসংগতিৰ বিষয় লৈ প্ৰথমে ব’লছ’নাৰ’ৰে দ্বাৰস্থ হৈছিল । বিষয়টোৰ সন্দৰ্ভত ফেডাৰেল আৰক্ষীক জনোৱাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এই পৰ্যন্ত তেওঁ আৰক্ষীক জনোৱা নাই । পাছত বিলখন পাছ কৰিবৰ বাবে ফোনত হুমকি দিয়া হয় মিৰাণ্ডাক ।

তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰা হৈছে বুলি দাবী কৰি ৰাষ্ট্ৰপতিয়ে জনায়, তেওঁ এই দুৰ্নীতিৰ স’তে জড়িত নহয় । সংসদত কমিটীৰ তদন্তকো ৰাজনৈতিক ‘চক্ৰান্ত’ৰ আক্ষা দিছে তেওঁ । কিন্তু ক্ষুব্ধ জনতাই এই কথা মানি নলয় । ৰিয়’ৰ সমদলত যোগ দিয়া এগৰাকী চিকিৎসক লিমা মেণ্ডিছৰ মন্তব্য, দ্ৰুত সিদ্ধান্ত, ভুৱা খবৰ আৰু মিছা প্ৰচাৰ চলাই চৰকাৰে প্ৰায় পাঁচ লাখ লোকৰ প্ৰাণ কাঢ়িছে । এতিয়া পুনৰ প্ৰতিষেধকক লৈ দুৰ্নীতিৰ অভিযোগ !’

Exit mobile version