বিশ্ববাসীৰ বাবে উন্মুক্ত কৰা হ’ব ক’-উইন এপ্, ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

co win app

টিকাকৰণৰ বাবে ব্যৱহাৰ কৰা ক’-উইন এপ্ ইচ্ছা কৰিলে যিকোনো দেশে ব্যৱহাৰ কৰিব পাৰিব । ইয়াক অ’পেন ছ’ৰ্চ হিচাপেই নিৰ্মাণ কৰা হৈছে । ক’-উইন আন্তৰ্জাতিক সন্মিলনত এই কথা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ৫০খন দেশে ক’-উইন এপৰ বিষয়ে আগ্ৰহ প্ৰকাশ কৰিছে, ইয়াৰ ভিতৰত আছে কানাডা, মেক্সিকো, নাইজেৰিয়া, পানামা, য়ুগাণ্ডা ।

এই সভাত প্ৰধানমন্ত্ৰী মোদীয়ে জনায়, ভাৰতে সমগ্ৰ বিশ্বকে পৰিয়াল হিচাপে মানে । সেয়ে অতিমাৰীৰ সময়ত পৰিয়ালক সহযোগ কৰা প্ৰয়োজন । সেয়ে ক’ভিড টিকাকৰণৰ বাবে প্ৰস্তুত কৰা ক’-উইন এপটোক অ’পেন ছ’ৰ্চ কৰি দিয়া হৈছে । যাতে এই প্ৰযুক্তি ব্যৱহাৰ কৰি অন্যান্য দেশসমূহো উপকৃত হয় । তেওঁ কয় যে, ভাৰতে ক’ভিডৰ বিৰুদ্ধে যুঁজত যিসমূহ অভিজ্ঞতা অৰ্জন কৰিছে, সেয়া সমগ্ৰ বিশ্ববাসীৰ স’তে শ্বেয়াৰ কৰিব বিচাৰে । এই শিক্ষাৰ জৰিয়তে হয়তো বহু দেশে যুদ্ধৰ নতুন দিশ লাভ কৰিব পাৰে ।

সোমবাৰৰ বৈঠকত আৰোগ্য সেতু এপৰ বিষয়েও তেওঁ উল্লেখ কৰি কয়, দেশত প্ৰায় ২০ কোটি মানুহে এই এপটো ব্যৱহাৰ কৰিছে । ইয়াৰ ক’ডো ডেভলপাৰসকলৰ বাবে উন্মুক্ত । ইয়াক সকলোৱে ব্যৱহাৰ কৰিব পাৰে । তেওঁ লগতে কয় যে, টিকাকৰণৰ বিষয়ত ভাৰত চৰকাৰ ডিজিটেল হোৱাৰ চেষ্টা কৰিছে । ফলত সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ আৰু সহজ হৈছে । বিশ্বৰ বাবে এই প্ৰক্ৰিয়া উদাহৰণস্বৰূপ হৈ পৰিছে ।

Exit mobile version