বিহাৰত বিদ্যালয়, কাৰ্যালয় খোলাৰ অনুমতি, শিক্ষাৰ্থীসকলক প্রতিষেধক দিব চৰকাৰে, ঘোষণা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে

Nitish Kumar

বিহাৰ চৰকাৰে ৰাজ্যখনত কাৰ্যালয়, বিদ্যালয় আৰু মহাবিদ্যালয় খোলাৰ অনুমতি দিয়ে । ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণত থকাৰ বাবে সোমাবাৰে সেই ৰাজ্যত তলাবন্ধৰ নিয়মবোৰ কিছু শিথিল কৰিলে বিহাৰ চৰকাৰে । টুইটাৰে এই ঘোষণা কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ৰাজ্যখনৰ সকলো ৰাজহুৱা আৰু ব্যক্তিগত কাৰ্যালয় খোলাৰ অনুমতি দিয়া হৈছে। অৱশ্যে, কেৱল টিকাকৰণ কৰা সকলেহে কাৰ্যালয়ৰ কাম কৰিব পাৰিব।

কেৱল সেয়াই নহয়, মন্ত্ৰীগৰাকীয়ে কয় যে, ৫০ শতাংশ শিক্ষাৰ্থীৰ স’তে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত লৈছে।

তেওঁ কয়, “চৰকাৰে শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থী, শিক্ষক আৰু অন্যান্য কৰ্মচাৰীসকলৰ বাবে টিকাকৰণ প্ৰদান কৰিব। ৰেষ্টুৰেণ্টবোৰো খুলিবলৈ অনুমতি দিয়া হৈছে। কিন্তু ৫০ শতাংশতকৈ অধিক লোকক ভিতৰলৈ যাবলৈ অনুমতি দিব নোৱাৰি, এইটো স্পষ্টকৈ জনাই দিয়া হৈছে ।

বিহাৰ চৰকাৰে যোৱা এমাহ ধৰি পৰ্যায়ক্ৰমে তলাবন্ধৰ নিয়ম উত্থাপন কৰি আহিছে । ইয়াৰ আগতে জৰুৰীকালীন আৰু অনা-জৰুৰী কালীন সেৱাসমূহ সন্ধিয়া সাত বজালৈকে খোলা ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল।

Exit mobile version