মহাৰাষ্ট্ৰত বিধানসভাৰ অধ্যক্ষক হাৰাশাস্তিৰ অভিযোগ, বিজেপিৰ ১২জন বিধায়কক এবছৰৰ বাবে নিলম্বন

883549 maharashtra assembly vidhan bhavan

বাদল অধিবেশনৰ আৰম্ভণিতে চৰম বিশৃংখলতা মহাৰাষ্ট্ৰ বিধানসভাত । আৰম্ভণিৰ দিনাখনে অধ্যক্ষ ভাস্কৰ যাদৱক হাৰাশাস্তিৰ অভিযোগত এবছৰৰ বাবে নিলম্বিত কৰা হ’ল ১২ জন বিজেপি বিধায়কক । অৱশ্যে মহাৰাষ্ট্ৰৰ বিৰোধী দলনেতা দেবেন্দ্ৰ ফডণবীসে সকলো অভিযোগ অস্বীকাৰ কৰিছে ।

বিধানসভাত অ’বিচি (অন্যান্য পিছপৰা শ্ৰেণী) সংৰক্ষণক লৈ কৰা আলোচনাৰ সময়ত বিধায়কসকলক পৰ্যাপ্ত সময় নিদিয়াৰ অভিযোগ উত্থাপন হৈছে অধ্যক্ষৰ বিৰুদ্ধে । বিষয়টোক লৈ তেওঁলোকে বিক্ষোভ আৰম্ভ কৰোতেই অধ্যক্ষজনে অধিবেশন বাতিল কৰে । ফলত অধিক ক্ষুদ্ধ হৈ অধ্যক্ষৰ কাষ চাপি আহে বিজেপি বিধায়কসকল ।

অধ্যক্ষ যাদৱে কয়, ‘ফডণবীস আৰু চন্দ্ৰকান্ত পেটেলৰ উপস্থিতিত বিৰোধীসকলে মোৰ কেবিনত আহি মোক উদ্দেশ্যি অসাংবিধানিক কথা কয় । কিছুসংখ্যক নেতাই মোক ধাক্কাও দিয়ে ।’ ৰাজ্যৰ সাংবিধানিক বিষয়ক মন্ত্ৰীক সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে যাদৱে ।

অধ্যক্ষৰ বিৰুদ্ধেও বিধায়কসকলক হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে । মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফডণবীসে কয়, ‘সকলো ভুৱা অভিযোগ । গল্প বনাইছে । বিজেপিৰ কোনো সদস্যই তেওঁক হাৰাশাস্তি কৰা নাই ।’

Exit mobile version