কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয় টৌত আংশিক তলাবন্ধৰ মাজতে তিৰুপতিৰ ভগৱান শ্ৰীনিবাসনৰ দৰ্শন অব্যাহত আছে। দৈনিক গড়ে ১৫-১৮ হেজাৰ লােকে এই বিশ্বখ্যাত তীর্থস্থান দর্শন কৰি আহিছে।
জুনত তিৰুমালা তিৰুপতি দেৱস্থাননে ভক্তৰ পৰা মে’ৰ তুলনাত ২০০ শতাংশ অধিক দান-বৰঙণি লাভ কৰিলে। জুনত মন্দিৰটোলৈ অহা ৪.১৪ লাখ ভক্তই প্রায় ৩৬ কোটি টকাৰ দান আগবঢ়ালে।
সাধাৰণতে ভক্তই দৈনিক এই মন্দিৰত দুই-তিনি কোটি টকাৰ দান আগবঢ়াই আহিছে। বিশেষ উপলক্ষত মন্দিৰটোৱে লাভ কৰা দৈনিক দান-বৰঙণিৰ পৰিমাণ পাঁচ- সাত লাখ টকালৈকে বৃদ্ধি পায়।
মন্দিৰৰ সংৰক্ষক তিৰুমালা তিৰুপতি দেৱস্থাননে প্রকাশ কৰা অনুসৰি ভক্তৰ সংখ্যা ৫০০০ লৈকে সীমিত কৰাৰ পাছতাে মন্দিৰে লাভ কৰা বৰঙণিৰ পৰিমাণ বিশেষভাৱে প্ৰভাৱিত হােৱা নাই।
অলপতে দেৱস্থানমৰ কাৰ্যবাহী সমিতিয়ে দর্শনার্থীৰ সংখ্যা বৃদ্ধিৰ সন্দৰ্ভত আলােচনা কৰিছিল যদিও ন্যাসে ইয়াৰ বাবে অনুমতি নিদিলে। মন্দিৰটোৰ ৱেবছাইটৰ তথ্য অনুসৰি দৈনিক ১৫ হেজাৰ দর্শনার্থীয়ে এই মন্দিৰ দৰ্শন কৰি আহিছে।
তিৰুপতি মন্দিৰে ভক্তৰ বাবে প্রতিদিনে অগ্রিম বুকিঙৰ বাবে ৫০০০ টিকট আগবঢ়াই আহিছে। ২০২০-২১ বিত্তীয় বৰ্ষত তিৰুপতি মন্দিৰে ভক্তৰ পৰা মুঠ ১,৩০০ কোটি টকাৰ দান লাভ কৰিছিল।
অৱশ্যে চলিত বিত্তীয় বৰ্ষত কৰ’না সংক্ৰমণৰ প্ৰভাৱত মন্দিৰটোৰ বৰঙণি সংগ্ৰহৰ পৰিমাণ ৭২৫ কোটি টকাৰ ভিতৰত আবদ্ধ থকাৰ সম্ভাৱনা আছে।






























