অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰত সম্প্ৰতি পূৰ্বৰ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰত্যেক দিনে মন্দিৰ দৰ্শন কৰাৰ ভক্তৰ সংখ্যা বৃদ্ধি পাইছে ১৫ হাজাৰলৈ ৷ আনহাতে দেওবাৰে মন্দিৰত তলাবন্ধ খোলাৰ পাছত প্ৰথমবাৰৰ কাৰণে এক কোটি টকাৰ দান লাভ কৰে । এতিয়ালৈকে দান হিচাপে মন্দিৰটোৱে ৫০ ৰ পৰা ৬০ লাখ টকা লাভ কৰিছিল ৷
কিন্তু ২৮ আগষ্টৰ পাছৰে পৰা মন্দিৰ দৰ্শন কৰা ভক্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পোৱাত দানৰ পৰিমাণো বৃদ্ধি পায় । ইপিনে কৰ’নাসৃষ্ট পৰিবেশৰ মাজত মন্দিৰৰ প্ৰতি ভক্তসকলৰ আস্থা দেখি উৎসাহিত হৈ পৰিছে মন্দিৰৰ পূজাৰীসকল ৷ মন্দিৰৰ ট্ৰাষ্টে আশা কৰিছে চলিত বৰ্ষৰ শেষত পৰিস্থিতি সুস্থিৰ হ’ব আৰু মন্দিৰত ভক্তৰ সংখ্যা বৃদ্ধি পাব ।
উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি ২০ মাৰ্চৰ পৰা তিৰোপতি মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিছিল । ১১ জুনত মন্দিৰৰ দুৱাৰ খোলাৰ পিছতে মন্দিৰৰ বহু কৰ্তৃপক্ষ কৰ’নাত আক্ৰান্ত হয় । জুনত প্ৰায় ৮০ জন কৰ্মচাৰী কৰ’নাত আক্ৰান্ত হোৱাৰ পাছতে কিছুদিনৰ পিছত ইয়াৰ সংখ্যা ৭৫০ জনলৈ বৃদ্ধি পায় ।
অৱশ্যে মন্দিৰৰ দুৱাৰ ৮ জুনত খুলি দিয়া হৈছিল যদিও দৰ্শনৰ কাৰণে কেৱল মন্দিৰৰ পূজাৰী আৰু তেওঁলোকৰ পৰিয়ালকহে অনুমতি দিছিল । ১১ জুনত মন্দিৰৰ দু্ৱাৰ খোলাৰ লগে লগে ৪৩ লাখ টকা দান হিচাপে লাভ কৰে । ইপিনে মন্দিৰৰ সাহাৰ্য ১কোটি টকা দান হিচাপে লাভ কৰা এইয়াই প্ৰথম নহয় । পূৰ্বতেও চলিত বৰ্ষৰ ১৯ আৰু ২৮ ফ্ৰেব্ৰুৱাৰীত ৪.৪১ কোটি টকা,২৪ আৰু ২৬ জানুৱাৰী ৪ কোটি টকাৰ দান লাভ কৰিছিল।