উত্তৰ কোৰিয়াৰ শাসক কীমক বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে প্রত্যুত্তৰ দিবলৈ সাজু দক্ষিণ কোৰিয়া

KSS III SLBM ballistic missile

পাৰমাণৱিক শক্তিৰ জৰিয়তে সমগ্র বিশ্বকে ত্রাসিত কৰি অহা উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উনক উচিত প্রত্যুত্তৰ দিবলৈ সাজু হ’ল দক্ষিণ কোৰিয়া।

দক্ষিণ কোৰিয়াই যােৱা সপ্তাহত প্ৰথমবাৰৰ বাবে ছাবমেৰিনৰ পৰা নিক্ষেপ কৰিব পৰা বেলিষ্টিক ক্ষেপণাস্ত্র (এছ এল বি এম)ৰ সফলতাৰে পৰীক্ষণ সম্পন্ন কৰিছিল।

এই সফলতাৰ জৰিয়তে দক্ষিণ কোৰিয়াই এছ এল বি এম ক্ষেপণাস্ত্র প্রস্তুতকাৰক দেশৰ তালিকাভুক্ত হ’ল। উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়াৰ লগতে বিশ্বৰ আন পাঁচখন দেশৰ হাতত এনে অত্যাধুনিক প্রযুক্তিৰ বেলিষ্টিক ক্ষেপণাস্ত্র আছে।

বর্তমানলৈকে বিশ্বৰ যিসমূহ দেশে এই ক্ষেপণাস্ত্র তৈয়াৰ কৰিছে, সেইসমূহ দেশৰ হাতত পাৰমাণৱিক অস্ত্র আছে। কিন্তু দক্ষিণ কোৰিয়াৰ হাতত পাৰমাণৱিক বােমা নাই।

দক্ষিণ কোৰিয়াই তৈয়াৰ কৰা এছ এল বি এম ক্ষেপণাস্ত্ৰৰ সন্দৰ্ভত অৱশ্যে দেশখনে অধিক তথ্য প্রকাশ কৰা নাই। জানিব পৰা অনুসৰি এই ক্ষেপণাস্ত্ৰৰ মাৰণ ক্ষমতা প্রায় ৫০০ কিলােমিটাৰ। এই নতুন ক্ষেপণাস্ত্র আহৰণৰ জৰিয়তে উত্তৰ কোৰিয়াৰ বিৰুদ্ধে দক্ষিণ কোৰিয়াই অধিক শক্তি আহৰণ কৰিলে।

Exit mobile version