গোহালীলৈ ৰূপান্তৰিত দাতিৰবড়ী গাঁও পঞ্চায়তৰ কাৰ্যালয়

১৫ বছৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল দহ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পঞ্চায়তৰ কাৰ্যালয়

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নতুনকৈ দায়িত্ব লাভ কৰিয়েই বিভাগটোলৈ পৰিবৰ্তন অনাৰ চেষ্টা অব্যাহত ৰাখিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

বিভাগটোৰ একাংশ ঘোচখোৰ বিষয়া কৰ্মচাৰীক ঘোচ খোৱাৰ বিৰুদ্ধে সকিয়নী প্ৰদান কৰিছে মন্ত্ৰী দাসে । কিন্তু কিদৰে পৰিচালিত হয় পঞ্চায়তৰ কাৰ্যালয়সমূহ ?

ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত দাতিৰবড়ীত আজিও এটি স্থায়ী কাৰ্যালয় নোহোৱাকৈ চলি আহিছে দাতিৰবড়ী গাওঁ পঞ্চায়ত । যাৰ বাবে ভিন্ন সমস্যাৰ সম্মুখীন হৈ আহিছে পঞ্চায়তখনৰ বিষয়া তথা জনপ্ৰতিনিধি সকল ।

২০০৬ চনতে কাটলা গাঁৱত দহ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল দাতিৰবড়ী গাওঁ পঞ্চায়তৰ এটি কাৰ্যালয়গৃহ । সেই অনুযায়ী প্ৰায় ৮০ শতাংশ নিৰ্মাণ কাৰ্য সমাপন হৈছিল কাৰ্যালয়টোৰ ।

তাৰ পাছৰ সময়চোৱাত এই অসম্পূৰ্ণ কাৰ্যলয়টোত কিছুদিনৰ বাবে পঞ্চায়তৰ বিভাগীয় কাম কাজ পৰিচালিত হৈছিল যদিও কাৰ্যালয়টোৰ উপযুক্ত সুবিধা সমূহ নোহোৱাৰ বাবে পুনৰ ধুমাৰকুৰ বজাৰলৈ স্থানান্তৰ কৰি ভাড়াঘৰ এটি লৈ সেই কাৰ্যালয়তেই চলাই আছে পঞ্চায়তৰ বিভাগীয় কাম কাজ ।

বিগত প্ৰায় ১৫ বছৰ ধৰি এনেদৰে বিভিন্ন স্থানত ভাড়ালৈ লৈ বিভাগীয় কাম কাজ চলাব লগীয়া হৈছে দাতিৰবড়ী গাওঁ পঞ্চায়তৰ । নিৰ্মীয়মান কাৰ্যলয়টো এতিয়া ৰূপান্তৰিত হৈছে গোহালি লৈ ।

ব্যবহৃত নোহোৱাৰ বাবে কাৰ্যলটোত স্থানীয় ৰাইজে গৰু ছাগলী ৰখাৰ লগতে সাজিছে খেৰৰ পুজি । বিগত ১৫ বছৰে এদিনো কাৰ্যালয়ত কোনো বিভাগীয়ভাবে চোৱা-চিতা নকৰাৰ ফলত জহি খহি গৈছিল কাৰ্যালয়টোৰ দৰ্জা খিৰিকীকে আদি কৰি বিভিন্ন আচবাবসমূহ ।

চৰকাৰী ধনৰ এনেদৰে লাখ লাখ টকা অপচয় কৰা কাৰ্য‌ই চকু কপালত তুলিছে সচেতন ৰাইজৰ । সেয়ে এতিয়া স্থানীয় ৰাইজ তথা পঞ্চায়তখনৰ জনপ্ৰতিনিধি সকলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক এই সম্পৰ্কত এক তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কাৰ্যলয়টো পুনৰ নিৰ্মাণ কৰি বিভাগীয় কাম কাজ কৰিবলৈ সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ।

Exit mobile version