নিশা তিনি বজা পৰ্যন্ত উপলব্ধ হ’ব সুৰা, নতুন আবকাৰী নীতি প্ৰকাশ দিল্লী চৰকাৰৰ

ud7dhrnk liquor

নতুন আবকাৰী নীতি প্ৰকাশ কৰিলে দিল্লী চৰকাৰে । এই নতুন নীতিত কিছুমান সংস্কৰণ কৰা হৈছে । চৰকাৰী সুৰাৰ বিপণী বন্ধ কৰি দিয়া হ’ব, ইয়াৰ পৰিৱৰ্তে বেচৰকাৰী উদ্যোগ আগবাঢ়ি অহাৰ পথ সুগম কৰা হ’ব । নতুন আবকাৰী নীতিত কোৱা হয়, হোটেল, ক্লাব আৰু ৰেস্তোৰাঁ বাৰ নিশা তিনি বজা পৰ্যন্ত খোলা থাকিব । কিন্তু, সুৰাৰ হোম ডেলিভাৰী তথা মদ্যপানৰ নিম্নতম বয়স ২১ বছৰ কৰাৰ বিষয়টো অন্তৰ্ভুক্ত কৰা হোৱা নাই ।

নতুন আবকাৰী নীতি অনুসৰি, চহৰৰ প্ৰতিখন সুৰা বিপণীৰ আউটলেটত গৈ গ্ৰাহকসকলে মদ্যপান কৰিব পাৰিব । প্ৰতিখন আউটলেটতে একাধিক ব্ৰেণ্ডৰ সুৰা উপলব্ধ হ’ব । ষ্টলত সুৰা বিক্ৰী কৰা হ’ব । কোনো গ্ৰাহকে ষ্টলৰ বাহিৰৰ ফুটপাথত ভিৰ কৰিব নোৱাৰিব আৰু কাউণ্টাৰৰ জৰিয়তে ক্ৰয় কৰাৰ অনুমতি নাই । বিয়াৰ কাৰখানাবোৰক বিয়াৰ সৰবৰাহ কৰাৰ অনুমতি দিয়া হ’ব ।

নতুন নীতিত কোৱা হৈছে যে, নিশা তিনিটা পৰ্যন্ত ৰেস্তোৰাঁ আৰু ক্লাবত সুৰা বিক্ৰী কৰিব পাৰিব । এনে ধৰণৰ সংস্থাবোৰে মুক্ত স্থানত যেনে চাদ আৰু বাৰান্দাত সুৰা সৰবৰাহ কৰিব পাৰিব ।

পাঁচটা ছুপাৰ প্ৰিমিয়ামসহ দিল্লীত খুচুৰা ষ্টল হ’ব ৮৮৯ খন । ছুপাৰ প্ৰিমিয়াম ভেণ্ডত দুশ টকাতকৈ বেছি মূল্যৰ বিয়াৰ আৰু এহেজাৰ টকাতকৈ অধিক মূল্যৰ অন্যান্য পণ্য বিক্ৰী কৰিব লাগিব । তদুপৰি ৰাখিব লাগিব ৫০টা বিদেশী ব্ৰেণ্ড ।

এই নীতিত কৰ ফাঁকি ৰোধ কৰিবলৈ নানা পদক্ষেপৰ কথা কোৱা হৈছে । ইয়াৰ ভিতৰত আছে বিশেষ আবকাৰী লেবেল, বিশেষ পৰিদৰ্শন দল, এখন অত্যাধুনিক পৰীক্ষাগাৰ । এটা বিশেষ লাইচেন্স প্ৰদান কৰা হ’ব, যাৰ জৰিয়তে বেংকোৱেট হল, ফাৰ্মহাউছ, বিয়াৰ পাৰ্টী বা অন্য অনুষ্ঠানত সুৰা সৰবৰাহ কৰিব পাৰিব । ইয়াৰ বাবে বাৰ্ষিক মাচুল দি লাইচেন্স ল’ব লাগিব ।

Exit mobile version