বোকাজান খটখটী আৰক্ষীৰ অভিযানত গাঞ্জাসহ আটক এজন

WhatsApp Image 2021 07 06 at 6.50.52 PM

বোকাজানৰ খটখটী আৰক্ষীয়ে আজি এক বিশেষ সূত্ৰৰ পম খেদি ২০ কেজি গাঞ্জাসহ আটক কৰে এজন লোকক ৷ আটকাধীন লোকজন হ’ল হোজাই শান্তিবনৰ ভোলা পাল ৷

ADVERTISEMENT

আৰক্ষীৰ সুত্ৰ অনুসৰি এখন নম্বৰ প্লেট বিহীন অট’ৰিক্সাত গাঞ্জাখিনি ১০ প্লাষ্টিকৰ পেকেটত আনিছিল ৷ চুবুৰীয়া নগালেণ্ডৰ ডিমাপুৰৰ পৰা অনা গাঞ্জাখিনি খটখটীৰ ষ্টেট বেংকৰ সমুখত আৰক্ষীৰ অভিযানত জব্দ হয় ৷ সম্প্ৰতি আৰক্ষীয়ে ধৃত ব্যক্তিজনক অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে ৷

Exit mobile version