স্তম্ভিত উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰক তীব্র ভৎসনা, সর্বাধিক গােচৰ মহাৰাষ্ট্ৰত, অসমতাে ৰুজু ৫৯টাকৈ গােচৰ, ২০১৫ৰ মাৰ্চতে প্রত্যাহাৰ হৈছিল আইন : কাৰণ দর্শোৱাৰ জাননী

বাতিল হােৱা আইনতে ৰুজু অসংখ্য গােচৰ

Supreme Court of India

ভাৰতৰ পৰা কাহানিবাই বাতিল কৰা হৈছিল একাধিক বিতর্কিত আইন, কিন্তু এনে আইনৰ অধীনতে এতিয়াও অসংখ্য লােকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে অজস্র গােচৰ। এনে আইন বিৰােধী কার্যৰ বিষয়ে অৱগত হােৱাৰ পাছতে আশ্চর্য প্রকাশ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে।

কেনেকৈ দেশত এয়া সম্ভৱ হৈছে বুলি প্রশ্ন উত্থাপন কৰি কেন্দ্রীয় চৰকাৰকো তীব্র ভৎর্সনা কৰিলে সর্বোচ্চ ন্যায়ালয়ে। ভাৰতৰ তথ্য প্রযুক্তি আইনৰ ৬৬ (এ) ধাৰাক লৈ এসময়ত দেশত যথেষ্ট বিতর্ক সৃষ্টি হৈছিল।

অনলাইনত ‘আপত্তিকৰ’ বিষয়বস্তু প্ৰচাৰ প্ৰতিৰােধ কৰিবলৈ এই আইনত অভিযুক্তক গ্রেপ্তাৰৰ অধিকাৰ প্রদান কৰা হৈছিল আৰক্ষীক। আইনখনৰ এই ধাৰাক লৈ দেশজুৰি সৃষ্টি হােৱা ব্যাপক প্রতিক্রিয়াৰ পাছত ২০১৫ৰ ২৪ মার্চত বিতর্কিত আইনখন প্রত্যাহাৰ কৰিছিল উচ্চতম ন্যায়ালয়ে।

এক ঐতিহাসিক ৰায়ত সর্বোচ্চ ন্যায়ালয়ে কৈছিল যে এই আইন অস্পষ্ট,অসাংবিধানিক আৰু বাক স্বাধীনতাৰ বিৰােধী। এনেবােৰ কাৰণত এই আইনখন দেশৰ পৰা বাতিল কৰা হৈছিল।

কিন্তু সর্বোচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ ছবছৰৰ পাছতাে দেশত বাহাল আছে তথ্য প্রযুক্তি আইনৰ বিতর্কিত ৬৬ (এ) ধাৰা। এই ধাৰাৰ অধীনত দেশজুৰি হেজাৰৰাে অধিক অভিযােগ ইতিমধ্যে দেশৰ বিভিন্ন থানাত দাখিল কৰা হৈছে।

এই বিষয়টো পােহৰলৈ অহাত স্তম্ভিত হ’ল দেশৰ সর্বোচ্চ ন্যায়ালয়। আজি ন্যায়াধীশ আৰ নাৰিমন, কে এম যােছেফ আৰু বি আৰ গভেইৰ বিচাৰপীঠে ক্ষোভ প্রকাশ কৰি কয়, আশ্চর্যজনক বিষয়। আমি এখন জাননী জাৰি কৰিছাে।

যি ঘটনা সংঘটিত হৈছে, তাক কেতিয়াও সমর্থন জনাব নােৱাৰি। আগন্তুক দুসপ্তাহৰ ভিতৰত কেন্দ্ৰৰ চৰকাৰক এই জাননীৰ উত্তৰ দিবলৈ সময় বান্ধি দিলে সর্বোচ্চ ন্যায়ালয়ে।

দেশত তথ্য প্রযুক্তি আইনৰ ৬৬ (এ) ধাৰাত যাতে থানাত কোনাে অভিযােগ ৰুজু কৰা নহয়, তাক নিশ্চিত কৰিবলৈ দ্য পিপল ইউনিয়ন ফ’ৰ চিভিল লিবার্টিজ (পি ইউ চি এল) নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।

আবেদনকাৰীৰ হৈ আইনজীৱী সঞ্জয় পাৰিখে আদালতত অৱগত কৰি কয় যে তথ্য প্রযুক্তি আইনৰ ৬৬ (এ) ধাৰাত বর্তমানেও দিনৰ পাছত দিন ধৰি অভিযােগৰ সংখ্যা বৃদ্ধি পাইছে। এই আইনখন দেশত বাতিল হােৱাৰ সময়ত ২২৯টা গােচৰ ৰুজু হৈছিল।

কিন্তু বর্তমানে বাতিল হােৱা একেখন আইনৰ ধাৰাৰ অধীনত দেশৰ থানাত ৰুজু হােৱা মুঠ গােচৰৰ সংখ্যা হৈছে ১৩০৭ টা আৰু ইয়াৰে ৫৭০টা গােচৰ নিষ্পত্তিহীন হৈ আছে। এইসমূহ
গােচৰৰ সৰহসংখ্যক ৩৮১টা গােচৰ ৰুজু হৈছিল মহাৰাষ্ট্ৰত।

তথ্য প্রযুক্তি আইনৰ ৬৬ (এ) ধাৰাৰ অধীনত ঝাৰখণ্ডত ২৯১টা, উত্তৰ প্ৰদেশত ২৪৫টা, ৰাজস্থানত ১৯২টা, অসমত ৫৯টা, অন্ধ্র প্রদেশত ৩৮টা, পশ্চিমবংগত ৩৭টা, দিল্লীত ২৮টা, তেলেংগানাত ১৫টা, কর্ণাটকত ১৪টা আৰু তামিলনাড়ুত সাতটা গােচৰ এই ধাৰাত ৰুজু হৈছিল।

বাতিল হােৱা আইনৰ অধীনত এইদৰে গােচৰ ৰুজু হােৱাৰ ফলত অকাৰণত বহু সাধাৰণ নাগৰিক আইনী হাৰাশাস্তিৰ সন্মুখীন হৈছে বুলি স্বেচ্ছাসেৱী সংগঠনটোৰ অধিবক্তাই সর্বোচ্চ ন্যায়ালয়ত যুক্তি দর্শায়।

অস্তিত্বহীন, বাতিল হােৱা আইনক এইদৰে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি দেশৰ কোনাে থানাত যাতে অভিযােগ গ্রহণ কৰা নহয়, এই সন্দৰ্ভত অধিবক্তা পাৰিখে উচ্চতম ন্যায়ালয়ক অনুৰােধ জনাইছিল। সমগ্র বিষয়টো অৱগত হােৱাৰ পাছত আশ্চর্য আৰু ক্ষোভ প্রকাশ কৰি দেশৰ সর্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰৰ চৰকাৰলৈ এই সন্দৰ্ভত জাননী জাৰি কৰে।

বিতর্কিত আইনৰ অধীনত অনলাইনত আপত্তিকৰ মন্তব্য বা অন্যান্য কনটেন্ট প’ষ্ট কৰা লােকক দোষী সাব্যস্ত হলে তিনি বছৰলৈকে কাৰাদণ্ড আৰু জৰিমনা বিহাৰ ব্যৱস্থা আছিল।

Exit mobile version