তামিলনাডু চৰকাৰে শিক্ষার্থীসকলক বিনামূল্যে চাইকেল দিছিল। কৰ’নাৰ পৰিস্থিতি এই চাইকেলকে কৃষিকৰ্মৰ মূল আহিলাত পৰিণত কৰিলে তামিলনাডুৰ এজন দৰিদ্র কৃষকে।
ৰাজ্যখনৰ থিৰুথানি জিলাৰ আগুৰ গাঁৱৰ নিবাসী নাগৰাজে কৃষিকৰ্মৰে জীৱিকা অর্জন কৰি আহিছে। কিন্তু নাগৰাজৰ নাই কোনাে নাঙল বা আন কৃষিকার্যত ব্যৱহৃত সঁজুলি।
তলাবন্ধত আর্থিক দিশত ভয়াৱহ সমস্যাৰ সন্মুখীন হােৱা এইজন তামিল কৃষকে কৰ’নাৰ সংক্ৰমণৰ মাজতে নিজৰ ক্ষুদ্র খেতিপথাৰত ব্যস্ত হ’ল এক অভিনৱ পদ্ধতিৰে।
পুত্ৰই পূর্বে উপহাৰ হিচাপে চৰকাৰৰ পৰা লাভ কৰা পুৰণি চাইকেলক নাঙলৰ ৰূপ দি নাগৰাজে সম্প্রতি পথাৰত মাটি চহাইছে। নাগৰাজে ফুলৰ খেতি কৰে। পূর্বে নাগৰাজৰ পুত্ৰই চাইকেল চলাই বিদ্যালয়লৈ গৈছিল।
কিন্তু কৰ’নাৰ পৰিস্থিতিত ডেৰ বছৰ ধৰি বিদ্যালয় বন্ধ থকাত পুত্ৰৰ চাইকেলখনক নাঙল হিচাপে ব্যৱহাৰ কৰাৰ উপায় উদ্ভাৱন কৰিলে এইজন কৃষকে।
নাঙল কিনিবলৈ ধনৰ অভাৱ ঘটা নাগৰাজে পুত্রসহ সম্প্রতি এইদৰে পথাৰত নাঙলৰূপী চাইকেলেৰে মাটি চহাইছে। উল্লেখ্য যে কেৱল নাগৰাজে নহয়, আগুৰ গাঁৱৰ কমেও ৮০০ টা কৃষক পৰিয়ালে কৰ’না কালত কঠিন সময়ৰ সন্মুখীন হৈছে।
এইসমূহ পৰিয়ালে সাধাৰণতে ফুল খেতি কৰি জীৱিকা অর্জন কৰে। কিন্তু কৰ’নাৰ কালত তেওঁলােকৰ জীৱিকাৰ পথ প্রায় বন্ধ হৈ আছে। ইয়াৰ পাছতাে হতাশ নহৈ নাগৰাজে পুৰণি চাইকেলক নাঙলৰ ৰূপ দি পথাৰত হাল বাইছে।