উত্তৰপ্ৰদেশৰ এই গাঁওখন যেন আইএএছ-ৰ আশ্ৰয়থলি ! প্ৰায় প্ৰতি ঘৰৰে একোজন আইএএছ

This village of UP produces IAS and IPS till now

কেতিয়াবা শুনিছেনে এখন গাঁৱৰে ৪৭ জন লোক আইএএছ বিষয়া ? অবিশ্বাস্য হ’লেও সঁচা ।

এইখন গাঁও উত্তৰপ্ৰদেশৰ মধুপট্টি । জৌনপুৰ জিলাৰ পৰা ১১ কিলোমিটাৰ দূৰত থকা এই সৰু গাঁওখনে যেন আইএএছ-ৰ ‘খেতি’ কৰে ! গাঁওখনত মাত্ৰ ৭৫টা পৰিয়ালে বাস কৰে । কিন্তু প্ৰায় প্ৰতিখন ঘৰেই একোজনকৈ আইএএছ বিষয়া দিছে দেশক । উত্তৰপ্ৰদেশসহ দেশৰ বিভিন্ন ৰাজ্যত তেওঁলোক নিযুক্ত ।

তেওঁলোক দেশৰ গুৰুত্বপূৰ্ণ পদত নিযুক্ত যদিও নিজৰ গাঁওখনক পাহৰা নাই । এই গাঁৱৰ মহিলাসকলো পুৰুষকতকৈ কোনো গুণে কম নহয় । তেওঁলোকো দেশৰ শীৰ্ষ পদত অধিষ্ঠিত । গাঁৱৰ চিকিৎসক সজল সিঙে কয়, ‘আমাৰ গাঁৱত উচ্চশিক্ষিতৰ সংখ্যা সৰ্বাধিক । প্ৰতি ঘৰৰে এজনতকৈ বেছি সদস্য ন্যূনতম স্নাতক । গাঁওখনৰ শিক্ষাৰ হাৰ ৯৫ শতাংশ । উত্তৰপ্ৰদেশৰ শিক্ষাৰ হাৰ ৬৯.৭২ শতাংশ ।’

সজলে জনায় যে, গাঁৱত এনেকুৱা পৰিয়ালো আছে যাৰ এখন ঘৰৰে সকলো পুৰুষ আৰু মহিলাই আইএএছ আৰু আইপিএছ । ১৯৮০ত আশা সিং, ১৯৮২ত ঊষা সিং, চন্দ্ৰমৌল সিং ১৯৮৩, ইন্দু সিং ১৯৮৩, অমিতাভ ১৯৯৪ত আইএএছ অফিচাৰ হৈছে আৰু তেওঁৰ পত্নী সৰিতা সিং সেই বছৰতেই আইপিএছ অফিচাৰ হয় ।

কিয় এইখন গাঁৱৰ ইমানসংখ্যক লোক আইএএছ বা আইপিএছ-ত নিযুক্ত হৈছে ? স্থানীয় বাসিন্দাসকলৰ দাবী, ১৯১৪ত এই গাঁৱৰ এজন যুৱক মুস্তাফা হুছেইনে পাব্লিক ছাৰ্ভিচ কমিচনত সুযোগ লাভ কৰিছিল । ১৯৫২ত গাঁওখনৰেই আন এজন যুৱক ইন্দু প্ৰকাশে আইএএছ-ত ১৩ নম্বৰ স্থান লাভ কৰিছিল । ইন্দু প্ৰকাশ আৰু মুস্তাফা হুছেইনে এইখন গাঁৱৰ যুৱক-যুৱতীসকলৰ অনুপ্ৰেৰণা । সেয়ে গাঁওখনৰ যুৱক-যুৱতীসকলে আইপিএছ আৰু আইএএছ-কেই তেওঁলোকৰ জীৱনৰ লক্ষ্য হিচাপে লৈছে ।

Exit mobile version