কিয় হিন্দু নাম গ্ৰহণ কৰিছিল বলীউডৰ প্ৰথম ‘খান’ ইউছুফ ওৰফ দিলীপ কুমাৰে !

mi1i8jmg dilip

দীৰ্ঘদিন বাৰ্ধক্যজনিত সমস্যাত ভোগাৰ পাছত আজি প্ৰয়াত হয় প্ৰবীণ অভিনেতা দিলীপ কুমাৰ । অভিনেতাজনৰ প্ৰকৃত নাম মহম্মদ ইউছুফ খান । তেওঁৰ মৃত্যুৰ পাছতো এটা প্ৰশ্ন থাকি গ’ল যে অভিনেতাজনে হিন্দু নাম কিয় গ্ৰহণ কৰিছিল ?

এই বিষয়ত দুটা কাৰণ শুনিবলৈ পোৱা যায় যে, এটা আছিল ভয় আনটো প্ৰেম । তদুপৰি আন এক কাৰণো আছিল বুলি শুনিবলৈ পোৱা যায়, অৱশ্যে দিলীপ কুমাৰে নিজমুখে কেতিয়াও স্বীকাৰ কৰা নাই । তৎস্বত্তেও তৃতীয় কাৰণটোকে অধিক গুৰুত্ব প্ৰদান কৰা হৈছে বিভিন্ন সময়ৰ সমালোচনাত । কোৱা হয়, হিন্দু দৰ্শকৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰিবৰ বাবেই তেওঁ নাম পৰিৱৰ্তন কৰিছিল ।

বাস্তৱৰ ইউছুফে স্বাধীনতাৰ বৰ্ষ ১৯৪৭ত ‘জগনু’ চলচ্চিত্ৰত অভিনয় কৰি বলীউডত আত্মপ্ৰকাশ কৰিছিল । কিন্তু ইয়াৰ বহু বছৰ পূৰ্বে ১৯৪৪ত তেওঁ প্ৰথম ছবিত অভিনয় কৰিছিল । প্ৰথম ছবি ‘জোৱাৰ ভাটা’ৰ প্ৰযোজক আছিল দেৱিকা ৰাণী । দেৱিকাই ইউছুফ খানক ‘দিলীপ কুমাৰ’ নামতো ল’বলৈ কৈছিল । সেয়ে অভিনেতা জীৱনৰ আৰম্ভণিৰ পৰাই তেওঁ নতুন নামত পৰিচিত হৈ থাকে ।

ইয়াৰ উপৰিও ঘৰৰ পৰা পলাই অহা ইউছুফে পিতৃৰ পৰা অভিনয়ৰ কথা লুকুৱাবৰ বাবে নাম সলনি কৰিছিল বুলিও শুনিবলৈ পোৱা যায় । এই কথা এক সাক্ষাৎকাৰত নিজেই কৈছিল দিলীপে । অৱশ্যে দেৱিকা ৰাণীৰ ইচ্ছাৰ কথাই লিখি গৈছে দিলীপে ।

তেওঁৰ আত্মজীৱনী ‘দ্য ছাবষ্টেন্স এণ্ড দ্য ছেড’ত দিলীপে লিখিছে, ‘তেওঁ (দেৱিকা ৰাণী) কৈছিল, ম‌ই ভাবিছো তোমাৰ এটা স্ক্ৰীন নাম হ’লে ভাল হয় ।’ কিতাপখনত এনেদৰে উল্লেখ কৰিছিল যদিও ১০৭০ত সাংবাদিকক দিয়া এক সাক্ষাৎকাৰত তেওঁ জনাইছিল, পিতৃৰ ভয়তে নাম পৰিৱৰ্তন কৰিছে । কাৰণ পিতৃয়ে অভিনয় ভাল পোৱা নাছিল । তেওঁ অভিনয়ক ‘নৌটংকি’ বুলি কৈছিল । বন্ধু দেৱান বছেশ্বৰনাথ কাপুৰৰ নাতি ৰাজ কাপুৰে অভিনয় জগতত অহাতোও মানি ল’ব পৰা নাছিল দিলীপৰ পিতৃয়ে ।

Exit mobile version