কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ এহেজাৰ কোটি টকা দিব উইপ্ৰ’ই

1618488020 548

কৰ’না মোকাবিলাত আৰু এহেজাৰ কোটি টকা দিব উইপ্ৰ’ই । বিগত বৰ্ষত, দেশৰ অন্যতম এই আইটি কোম্পানীটোৱে কৰ’না মোকাবিলা কৰিবলৈ ১,১২৫ কোটি টকা দিছিল । এইবাৰ পৰিশোধ কৰা হেজাৰ কোটি টকা ব্যয় কৰিব কৰ’না টিকাকৰণৰ বাবে । মঙলবাৰে বোম্বে চাৰ্টাৰ্ড একাউণ্টচ ছ’ছাইটিৰ এক অনুষ্ঠানত এই ঘোষণা কৰে উইপ্ৰ’ৰ অধ্যক্ষ আজিম প্ৰেমজীয়ে ।

আজিম প্ৰেমজীয়ে কয়, “কৰ’না পৰিস্থিতি যথেষ্ট নিয়ন্ত্ৰণৰ অধীনলৈ আহিছে । তথাপিও মই ভাবো এই মুহূৰ্তত আটাইতকৈ গুৰুত্ব কৰ’না টিকাকৰণৰ ওপৰত দিব লাগে‌ । গতিকে অতিৰিক্ত ১০ কোটি টকা দিয়াৰ সিদ্ধান্ত লৈছো ।’

কৰ’না পৰিস্থিতিত দেশ আৰু সমগ্ৰ বিশ্বৰ উদ্যোগ প্ৰতিষ্ঠানে গুৰুতৰ বিফলতাৰ সন্মুখীন হৈছে । কোটি কোটি লোকৰ উপাৰ্জন বন্ধ হৈছে । দেশৰ শিক্ষা ব্যৱস্থাই অভূতপূৰ্ব প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। প্ৰেমজীয়ে কয় যে, দেশৰ দৰিদ্ৰ আৰু শিক্ষকসকলৰ টিকাকৰণৰ স’তে শিক্ষা ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা প্ৰয়োজন ।

কিন্তু এইটো বেয়া হৈছে যে, যোৱা ডেৰ বছৰত দেশৰ শিক্ষাৰ্থীসকলৰ বিষয়ে চিন্তা নকৰাকৈ পৰৱৰ্তী শ্ৰেণীত উত্তীৰ্ণ কৰা হৈছে । ই শিক্ষা খণ্ডত এক ডাঙৰ শূন্যতাৰ সৃষ্টি কৰিছে ।

Exit mobile version