খােজ কাঢ়িবও পাৰে হাংগৰে ! উত্তৰ অষ্টেলিয়া-নিউ গিনিত সমুদ্র উপকূলত প্রমাণ লাভ

walking shark 1579865954

কেৱল সাঁতােৰাই নহয়, হাংগৰে খােজ কাঢ়িবও পাৰে। ইয়াৰ প্ৰমাণ লাভ কৰা হ’ল উত্তৰ অষ্ট্রেলিয়া আৰু নিউ গিনিৰ সমুদ্র উপকূলত। সমুদ্ৰৰ গভীৰ তলীত এই ধৰণৰ হাংগৰে সাঁতুৰি যােৱাৰ পৰিৱর্তে খােজ কাঢ়ি মুক্ত বিচৰণ কৰি আহিছে ।

অৱশ্যে এই হাংগৰ বিশাল বগা ৰঙৰ হাংগৰ (গ্রেট হােৱাইট শ্বার্ক)ৰ দৰে আকাৰ আৰু আকৃতিত সিমান বিশালকায় নহয়। বৰঞ্চ এই প্রজাতিৰ হাংগৰৰ চেহেৰা তুলনামূলকভাৱে যথেষ্ট সৰু। সমুদ্রৰ গভীৰ তলদেশত যত আছে শাৰীয়ে শাৰীয়ে প্রবাল প্রাচীৰ, তেনে অঞ্চলতে খােজ কাঢ়ি সাধাৰণতে বিচৰণ কৰে এই প্রজাতিৰ ক্ষুদ্র আকৃতিৰ হাংগৰে।

বিগত ১২ বছৰ ধৰি আন্তর্জাতিক গৱেষকৰ দলৰ এক অনুসন্ধানত উত্তৰ অষ্ট্রেলিয়া আৰু নিউ গিনিৰ সমুদ্র উপকূলত ধৰা পৰিল হাংগৰৰ এনে বিচিত্র স্বভাৱ।গৱেষকৰ দলটোত আছে কুইন্সলেণ্ড বিশ্ববিদ্যালয়,কনজাৰভেছন ইণ্টাৰনেছনেল, চি এছ আই আৰ অ’, ফ্ল’ৰিডা মিউজিয়াম অব নেচাৰেল হিষ্ট’ৰি,ইণ্ডোনেছিয়ান ইনষ্টিটিউট অব ছায়েন্সেছ আৰু ইণ্ডোনেছিয়াৰ সমুদ্র গৱেষণা মন্ত্রণালয়।

এই সন্দৰ্ভত চলােৱা গৱেষণামূলক অধ্যয়নৰ সবিশেষ প্রতিবেদন প্রকাশ পালে সমুদ্র গৱেষণা বিষয়ক আন্তর্জাতিক বিজ্ঞান গৱেষণা পত্রিকা ‘মেৰিন এণ্ড ফ্রেছ ৱাটাৰ ৰিছাৰ্চ’ত। অধ্যয়নকাৰী গৱেষকে প্রতিবেদনত উল্লেখ্য কৰা অনুসৰি এই বিশেষ প্রজাতিৰ হাংগৰে বেছি দূৰ খােজ কাঢ়ি যাব নােৱাৰে।

কিন্তু কম দূৰত্বৰ ভিতৰত ই সাঁতুৰি যােৱাৰ পৰিৱর্তে খােজ কাঢ়ি বিচৰণ কৰে। সাধাৰণতে এই প্রজাতিৰ হাংগৰে সমুদ্ৰৰ সুগভীৰ তল দেশত কোনাে কোনাে অঞ্চলত বিচ্ছিন্নভাৱে থাকিবলৈ ভাল পায়।

অধ্যয়নকাৰী দলটোৰ অন্যতম গৱেষক মার্ক এৰডমানে এই সন্দৰ্ভত আন্তর্জাতিক সংবাদ মাধ্যমৰ আগত এইদৰে কয়, এই প্রজাতিৰ হাংগৰক খােজ কঢ়াত সহায় কৰে পেলভিচৰ পাখি (ফিন) -এ। তদুপৰি পেক্ট’ৰেল পাখিৰ জৰিয়তেও হাংগৰে খােজ কাঢ়িব পাৰে।

সমুদ্রৰ গভীৰ তলীত সুউচ্চ প্রবল প্রাচীৰৰ ওপৰত কি আছে, কোনাে খাদ্য আছে নেকি, তাৰ সন্ধান কৰাৰ সময়ত এইদৰে নিজৰ শৰীৰৰ পাখি ব্যৱহাৰ কৰি সেই অঞ্চলত হাংগৰে খােজ কাঢ়ি মুক্ত বিচৰণ কৰাৰ তথ্য বিজ্ঞানীৰ দলটোৱে নিশ্চিত কৰিছে।

Exit mobile version