সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাতো আজি স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় চৌহদত থকা ধুবুৰী স্বাস্থ্য আৰু প্ৰসূতি কল্যাণ কেন্দ্ৰত জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে ‘মিছন ৰামধেনু’ আৰম্ভ কৰে । সাৰ্বজনীন টিকাকৰণ কাৰ্যসূচীত বাদ পৰা জন্মৰ পৰা দুবছৰ বয়সৰ শিশু আৰু গৰ্ভৱতী মহিলাক সম্পূৰ্ণ টিকাকৰণ কৰোৱাই হৈছে এই অভিযানৰ উদ্দেশ্য ৷
এই অভিযানত তিনিটা পৰ্যায়ত টিকাকৰণ কৰা হ’ব ৷ প্ৰথম পৰ্যায়ত সাত জুলাইৰ পৰা ১৩ জুলাইলৈ, দ্বিতীয় পৰ্যায়ত সাত অগষ্টৰ পৰা ১৩ আগষ্টলৈ আৰু তৃতীয় পৰ্যায়ত সাত ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ ।
ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত বিশেষ টিকাকৰণ কেন্দ্ৰ স্থাপন কৰি সাৰ্বজনীন টিকাকৰণৰ পৰা বাদ পৰা গৰ্ভৱতী মাতৃ আৰু শিশুসকলক টিকা দিয়া হ’ব । অভিযান আৰম্ভ কৰি জিলা উপায়ুক্তই ধুবুৰীৰ ৰাইজক এই অভিযান সফল কৰিবলৈ আহ্বান জনায় ।
ধুবুৰীৰ জিলা প্ৰতিষেধক বিষয়াই জনাই যে টিকাকৰণে গৰ্ভৱতী মহিলা আৰু শিশুক ভেকচিন প্ৰতিৰোধযোগ্য ৰোগৰ পৰা সুৰক্ষিত কৰিব আৰু প্ৰতিটো টিকা সম্পূৰ্ণ বিনামূলীয়া । কাৰ্যসূচীত ধুবুৰী জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া উপস্থিত থাকে।
