১৬ জুলাইত নতুন চৰকাৰৰ প্রথম বাজেটলৈ উৎসুকতা, বিভাগীয় চমক : দুমহীয়া চৰকাৰৰ দক্ষতা উদ্ভাসিত কৰাৰ তৎপৰতা

দুই কোটিটকীয়া ঠিকা : ফুলেৰে জকমকীয়া কৰি তােলা হ’ল বিধানসভা

Screenshot 47

অহা ১২ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ অধিবেশনৰ ১৬ জুলাইত ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে প্ৰথমখন পূর্ণাংগ বাজেট দাখিল কৰিব।

নতুন চৰকাৰৰ প্ৰথমখন বাজেটক লৈ সেয়েহে ৰাইজৰ মাজত উৎসুকতা বৃদ্ধি হৈছে। বাজেটখনৰ দ্বাৰা যে চৰকাৰেও বিভিন্ন চমক দিব বিচাৰিছে বুলি দিছপুৰৰ সূত্রই প্রকাশ কৰিছে।

পূর্বৰ চৰকাৰত বিত্তমন্ত্রীৰ দায়িত্ব চম্ভালা ড° হিমন্ত বিশ্ব শৰ্মাই প্রতিখন বাজেটত চমক দিছিল। এইবাৰ ড° শৰ্মা মুখ্যমন্ত্রী আৰু অজন্তা নেওগ হ’ল বিত্তমন্ত্রী; কিন্তু বিভাগ।সলনি হ’লেও চমক কম নহ’ব বুলিয়ে চর্চা চলিছে।

তাৰ বাবে চৰকাৰৰ প্রতিটো বিভাগক দিয়া হৈছে বিশেষ নির্দেশনা। দিছপুৰৰ সূত্ৰই সদৰী কৰা অনুসৰি, বাজেটত নতুন চৰকাৰ গঠনৰ দিনটোৰ পৰা প্ৰতিটো বিভাগৰ কাম-কাজৰ খতিয়ান অন্তর্ভুক্ত হ’ব।

পৰৱৰ্তী সময়তাে চৰকাৰৰ তৎপৰতা অব্যাহত থাকিলেও অন্ততঃ বাজেটৰ পূর্বে পার্মানে মন্ত্রী আৰু বিভাগবােৰৰ ব্যস্ততা বৃদ্ধিত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে। সেই তৎপৰতাৰ তথ্য প্রস্তাৱিত বাজেটত সন্নিবিষ্ট হ’ব।

সেই অনুসৰি আঁচনিৰাে ভিৰ পৰিলক্ষিত হ’ব বাজেটত। তাৰ বাবে বিভাগবােৰক পাৰ্যমানে প্রস্তাৱ দাখিলৰ আহ্বান জনােৱা হৈছে। সেই মতে বিভাগবােৰে প্রস্তাবসহ প্রস্তাৱিত পুঁজিৰ পৰিমাণ দাখিল কৰিছে।

অৱশ্যে সকলাে প্রস্তাৱ অন্তর্ভুক্ত নােহােৱাই স্বাভাৱিক। তাৰ লগে লগে কর্তন কৰা হৈছে প্রস্তাৱিত পুঁজিৰ পৰিমাণে। এই সন্দৰ্ভত দিছপুৰৰ সূত্রই জনােৱা মতে, কে’বাটাও নির্বাচনী প্রতিশ্রুতি পূৰণৰ প্ৰস্তাৱ বাজেটত থাকিব।

তাৰ ভিতৰত অন্যতম হ’ল মাইক্রফাইনেন্সৰ ঋণ ৰেহাই আৰু এক লাখ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্রদান। এই দুয়ােটা প্রতিশ্রুতি পূৰণ কৰিলে অতিৰিক্ত বৃহৎ পুঁজিৰ প্রয়ােজন হ’ব।

তাৰ বাবে ৰাজহ সংগ্ৰহৰ নতুন উৎসৰ সন্ধান কৰা হ’ব যদিও অতিৰিক্তভাৱে ব্যয় হ’বলগীয়া পুঁজিৰ পৰিপ্ৰেক্ষিতত
বিভিন্ন বিভাগৰ প্রস্তাৱিত পুঁজিৰ পৰিমাণ কৰ্তনৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। বিত্ত বিভাগক। অসমৰ মূল মূল সমস্যাবােৰ সমাধানৰ ক্ষেত্ৰত এই বাজেটত হ্রস্বকালীন আৰু দীর্ঘকালীন আঁচনি গ্ৰহণৰ প্ৰস্তাৱ কৰা হ’ব।

বিশেষকৈ বান-খহনীয়াৰ প্ৰতিৰােধৰ ক্ষেত্ৰত তেনে প্রস্তাব থকাৰ ইংগিত দিয়ে সূত্ৰটোৱে। ইপিনে, মহিলাকেন্দ্রিক আঁচনি গ্রহণ, কৃষি আন্তঃগাঁথনি নির্মাণ, স্বনিৰ্ভৰশীলতা, অসমৰ সুৰক্ষা আদি কে’বাটাও বিশেষ প্রস্তাব বাজেটত অন্তর্ভুক্ত হ’ব।

জকমকীয়া বিধানসভা

অসম চৰকাৰ আৰু বিধানসভা সচিবালয়ৰ অলপতে অনুষ্ঠিত এখন বৈঠকত গৃহীত সিদ্ধান্ত অনুসৰি ডিচেম্বৰৰ শীতকালীন অধিবেশন বিধানসভাৰ নতুন ভৱনত অনুষ্ঠিত হ’ব। সেয়েহে এইবাৰৰ অধিবেশনখনেই অন্তিমখন বাজেট অধিবেশন।

তথাপি নতুন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত এইবাৰৰ অধিবেশনখনৰ বাবে প্ৰথমবাৰলৈ সমগ্র বিধানসভা চৌহদেই নহয়, বিধায়ক আৱাসস্থলীও নতুন ৰূপেৰে সজাই তােলাৰ ব্যাপক তৎপৰতা অব্যাহত আছে।

সমগ্র বিধানসভা সচিবালয় ৰং কৰাৰ লগতে ৰং-বিৰঙী ফুল আৰু টাবেৰে চৌদিশ সজাই তােলাৰ প্রক্রিয়া সম্প্রতি চলিছে। ইয়াৰ বাবে দুই কোটি টকা ব্যয় কৰা হ’ব বুলি চৰ্চা অব্যাহত আছে।

এজন উপ-ঠিকাদাৰে এই কামৰ তদাৰকী কৰি আছে। প্রথমবাৰৰ বাবে এইবাৰ মন্ত্ৰী-বিধায়ক আৰু আমােলাৰ প্ৰৱেশ পথাে সম্পূর্ণ পৃথক কৰা হৈছে।

Exit mobile version